নীতিশৰ প্ৰৱেশে বিহাৰত বিজেপি মিত্ৰজোঁটত লগাইছে জঁট; সুযোগ বুজি LJPক ৮ খন আসনৰ প্ৰস্তাৱ RJDৰ

এলজেপিৰ নেতা চিৰাগ পাছোৱান। ফটোঃ সংগ্ৰহীত।

লোকসভা নির্বাচনৰ পূর্বে বিহাৰৰ ৰাজনৈতিক সমীকৰণৰ এক বৃহৎ পৰিৱর্তনেৰে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রতাত প্রৱেশ কৰে নীতিশ কুমাৰৰ জে ডি ইউ দল৷ যি মিত্ৰতাত ইতিমধ্যে বিজেপিৰ অংশীদাৰ চিৰাগ পাছৱানৰ এলজেপি, উপেন্দ্ৰ কুশৱাহাৰ আৰএলএম আছিল। জেডিইউ, এনডিএ মিত্ৰতালৈ অহাৰ লগে লগে এলজেপি আৰু আৰএলএমএৰ দৰে দলৰ বাবে আসন বন্টনৰ সমীকৰণত কিছু জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে! ফলত বিহাৰত আসন বিতৰণৰ ক্ষেত্ৰত এক জটিল হিচাপৰ সন্মুখীন হৈছে বিজেপি নেতৃত্বাধীন এন ডি এ।

ইপিনে, বিহাৰত যেতিয়া বিজেপিয়ে আসন বিতৰণৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হৈছে, তেতিয়া লালুপ্ৰসাদ যাদৱৰ আৰজেডিয়ে এনডিএ মিত্ৰজোঁটৰ অংশীদাৰ এলজেপিক ৮খন আসনৰ প্ৰস্তাৱ দিছে।

প্ৰস্তাৱত কোৱা হৈছে যে যদি চিৰাগৰ দলে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটত যোগদান কৰে তেন্তে ইণ্ডিয়া মিত্ৰজোঁটে উত্তৰ প্ৰদেশৰ ২খন আসনকে ধৰি মুঠ ৮খন আসন এলজেপিক দিব বিচাৰে।

লগতে পঢ়কঃ আজি আন্তৰ্জাতিক নাৰী দিৱস: জানো আহক এই দিনটোৰ ইতিহাস, গুৰুত্ব আৰু তাৎপৰ্য

এলজেপিৰ ফালৰ পৰা কোৱা হৈছে, ‘দলটোৱে এই প্ৰ স্তাৱ আৰজেডিৰ পৰা লাভ কৰিছে যদিও তেওঁলোকে এতিয়ালৈকে একো বিবেচনা কৰা হোৱা নাই’। এলজেপিয়ে কয়, এতিয়া তেওঁলোকে এনডিএত বিজেপিৰ আসন বিতৰণৰ ওপৰত চকু ৰাখিছে।

এলজেপিৰ নেতা ৰাজু তিৱাৰীয়ে কয়, “প্ৰস্তাৱ আগবঢ়োৱা আৰু চিৰাগ পাছোৱানৰ গুৰুত্ব স্বীকাৰ কৰাৰ বাবে আৰজেডিক ধন্যবাদ। এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই।”

আনহাতে, বিজেপি শিবিৰৰ পৰা খবৰ আহিছে যে অতি সোনকালে বিজেপিয়ে আৰএলজিপি আৰু এলজেপিৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব। উল্লেখযোগ্য যে শেহতীয়াকৈ বিজেপিয়ে পৰৱৰ্তী পৰ্যায়ৰ প্ৰাৰ্থী তালিকাক লৈ হাই ভল্টেজ বৈঠক সম্পূৰ্ণ কৰিছে। ইফালে চিৰাগ পাছোৱানৰ এলজেপিয়ে বিহাৰত ৬খন লোকসভাৰ আসন বিচাৰিছে।

ইয়াৰ ভিতৰত তেওঁলোকে বিহাৰৰ হাজীপুৰৰ আসনও বিচাৰিছে। এই সমষ্টিটো পুনৰ কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰসৰ বাবে বিচাৰিছে। এই পশুপতিকুমাৰ পাৰাস আৰ এল জে পি দলৰ সদস্য। ইয়াৰ পূৰ্বে অবিভক্ত এলজেপিয়ে ৬খন লোকসভাৰ আসন লাভ কৰিছিল। ইয়াৰে ৫ জন পশুপতি পাৰাসৰ আৰ এল জে পি শিবিৰলৈ স্থানান্তৰিত হৈছে। ফলত এই সমষ্টি সন্দৰ্ভত বিজেপিৰ সিদ্ধান্ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

লগতে পঢ়কঃগুৱাহাটীত মন্ত্ৰীৰ কনভয়ৰ খুন্দাত যুৱকৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে: ডিজিপি জিপি সিং

ইপিনে, বিহাৰত নৰেন্দ্ৰ মোডীৰ এখনৰ পিছত সিখন সভাত একেৰাহে অনুপস্থিত থাকি বিজেপিৰ পৰা দূৰত্ব বজাই ৰাখিছে চিৰাগে। যাৰ বিষয়ে বিহাৰৰ ৰাজনীতিত তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। নীতিশ কুমাৰৰ শপত গ্ৰহণৰ সময়ত উপস্থিত থকাৰ পিছতো চিৰাগে সেইদিনা দিল্লীৰ পৰা পাটনালৈ উৰা মাৰিছিল। তাত তেওঁ জে পি নোড্ডাৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকৰ দলক ৬ খন আসন দিবলৈ বিজেপিৰ লগত কথা পাতিছিল। এতিয়া বিহাৰৰ এই জটিল অংকই পৰিস্থিতি ক’লৈ লৈ যায় তালৈ সকলোৱে চাই ৰৈছে৷