NORTHEAST NOW (Assamese)

বিজেপিৰ বাবে এন আৰ চি এতিয়া চকুৰ কুটা দাঁতৰ শূল : অসম প্ৰদেশ কংগ্ৰেছ কমিটি

August 22, 2018 9:02 pm · কল্পজ্যোতি শইকীয়া
Updated: August 22, 2018 9:07 pm

‘নাগৰিকত্ব সংশোধনী  বিলৰ প্ৰেমত হাবু-ডুবু খাই থকা বিজেপি দল আৰু চৰকাৰৰ বাবে এন আৰ চি এতিয়া চকুৰ কুটা দাঁতৰ শূল সদৃশ হৈ পৰিছে।’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰৰ। কালি এন আৰ চি সম্পৰ্কত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যৰ ঋতুপৰ্ণ কোঁৱৰে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ৰঞ্জিত দাসে কালি সংবাদ মাধ্যমৰ সন্মুখত ৩১ ডিচেম্বৰৰ ভিতৰত এই এন আৰ চিৰ কাম সম্পূৰ্ণ নহয় বুলি কৈছিল। আৰু ইয়াৰ বাবে তেওঁ ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণ সমূহক জগৰীয়া কৰিছিল।

এক প্ৰেছ বিজ্ঞপ্তি যোগে কোঁৱৰে কয়, ‘বিজেপি দল আৰু চৰকাৰৰ বাবে নাগৰিকত্ব সংশোধনী বিল ২০১৬ হ’ল বুকুৰ কুটুম। ২০১৪ চনৰ পৰা এন আৰ চি উন্নীতকৰণৰ ইতিহাস আৰু তথ্যই বিজেপি দল আৰু চৰকাৰৰ সদিচ্ছাৰ ওপৰত এটা বৃহৎ প্ৰশ্নবোধক চিন আনি দিয়ে।’

এন আৰ চি সম্পর্কে ৰঞ্জিত দাসৰ মন্তব্যৰ অন্তৰালত এক গভীৰ ষড়যন্ত্র লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয়, ‘কি যুক্তিত বিজেপি দলৰ ৰাজ্যিক সভাপতিজনে আগতীয়াকৈ শংকা প্ৰকাশ কৰিলে যে নিৰ্ধাৰিত সময়ত এন আৰ চিৰ চুড়ান্ত তালিকা প্ৰকাশ হৈ নুঠিব। নে ই এন আৰ চি চুড়ান্ত তালিকা প্ৰকাশত বিধি-পথালি দিয়াৰ বাবে শাসকীয় পক্ষৰ এক কুটিল ষড়যন্ত্র?’

‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ক্ষীপ্ৰতাৰে এন আৰ চিৰ উন্নীতকৰণৰ সকলো কাম কৰিবলৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰ বাধ্য।’ বুলি কৈ তেওঁ কয় যে এই ক্ষেত্ৰত যদি কিবা সমস্যা আৰু শংকা থাকে তেন্তে কেন্দ্রীয় চৰকাৰ আৰু এন আৰ চি কতৃপক্ষই উচ্চতম ন্যায়ালয়ক এই বিষয়ে অৱগত কৰিব লাগে।

আনহাতে দুমাহৰ দৰমহা নোপোৱাৰ বাবে যোৱা দুদিন ধৰি এন আৰ চিৰ ডাতা এন্ট্ৰী অপাৰেটৰ সকলে কৰ্মবিৰতি পালন কৰা বিষয়টো উত্থাপন কৰি তেওঁ লগতে কয়, ‘যি সময়ত এন আৰ চিৰ খচৰাত নাম অন্তভুর্ক্ত নোহোৱা নাগৰিকৰ দাবী, আপত্তি তথা অভিযোগ সমন্বীয় আবেদন পত্ৰ বিতৰণৰ পক্ৰিয়া আৰম্ভ হৈছে সেই সময়তে এই ডাটা এন্ট্ৰী অপাৰেটৰ সকলৰ কৰ্মবিৰতিয়ে এন আৰ চিৰ কাম প্ৰায় স্থবিৰ কৰি পেলাইছে।’

Related News