NORTHEAST NOW (Assamese)

মূল সমস্যাৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰাবলৈ চৰকাৰে NRC আৰু CAB-ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে : জয়ৰাম ৰমেশ

November 30, 2019 5:08 pm · কল্পজ্যোতি শইকীয়া
Updated: November 30, 2019 5:16 pm
ৰাজীৱ ভৱনত সংবাদমেলত জয়ৰাম ৰমেশ। ববিতা শৰ্মা আৰু অপূৰ্ব ভট্টাচাৰ্য্য। ৩০ নৱেম্বৰত।

দেশৰ মূল সমস্যা অৰ্থনৈতিক বিপৰ্য্যয়ৰ পৰা দেশবাসীৰ মনোযোগ আঁতৰাই ৰাখিবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰখনে এন আৰ চি আৰু “কেব”ক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ কংগ্ৰেছী সাংসদ জয়ৰাম ৰমেশে।

আজি গুৱাহাটীত উপস্থিত হোৱা সাংসদজনে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে।

“কেব” সংবিধান বিৰোধী বুলি মন্তব্য কৰি সাংসদজনে কয়, “ই সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদ ভংগ কৰিব। মানুহৰ মন আচল সমস্যাৰ পৰা আঁতৰাই ৰাখিবলৈ এওঁলোকে এন আৰ চি আৰু “কেব”ক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।”

তেওঁ কংগ্ৰেছে সদায় “কেব”ৰ বিৰোধিতা কৰি যাব বুলি জানিবলৈ দি শিবসেনাকে ধৰি সকলো বিৰোধী দল একত্ৰিত হৈ ৰাজ্যসভা আৰু লোকসভাত ইয়াৰ বিৰোধিতা কৰিব বুলি আশ্বাস দিয়ে।

দেশৰ সাম্প্ৰতিক বিধ্বস্ত অৰ্থনীতিৰ বাবে ৰমেশে বিমুদ্ৰাকৰণ আৰু জি এছ টিক স্পষ্টকৈ দায়ী কৰে।

“আজিৰ এই আৰ্থিক স্থিতিৰ কাৰণ নোটবন্দী আৰু জি এছ টি। বিনিয়োগ নাই। সকলো উদ্যোগ কাৰখানা বন্ধ হৈ পৰিছে। জনসাধাৰণ চিন্তিত হৈ পৰিছে। মোদী আৰু অমিত শ্বাহে কেৱল এন আৰ ই আৰু “কেব” চিনি পায়। এই দুটা শব্দহে দেখা পায়। তেওঁলোকৰ এজেণ্ডা এই দুটাই, বেলেগ নাই।” সাংসদজনৰ মন্তব্য।

তেওঁ লগতে কয়, “কালি আবেলি খবৰ আহিছিল ভাৰতৰ অৰ্থব্যৱস্থা কি পৰস্থিতিত চলি আছে। সাত বছৰত কিদৰে জিডিপি কমি আহিছে। প্ৰধান মন্ত্ৰীয়ে সকলো ঠিকে চলি আহিছে বুলি কয়। কিন্তু সমগ্ৰ দেশত অৰ্থনৈতিক মন্দাৱস্থাই দেখা দিছে।”

তেওঁৰ মতে, এইখন চৰকাৰৰ কোনো ভৰসা নাই, কেতিয়াবা নুমলীগড় তেল শোধনাগাৰো বিক্ৰী কৰি দিব পাৰে।

“গুৱাহাটীৰ এয়াৰপ’ৰ্ট বিক্ৰী কৰি দিয়া হ’ল। কাক বেচিলে জানেনে? মোদী-অমিত শ্বাহৰ কাষৰ মানুহক”, প্ৰাক্তন গ্ৰাম্য উন্নয়ন মন্ত্ৰীজনে কয়।

তেওঁ প্ৰতীক হাজেলাৰ বিৰুদ্ধে উত্থাপিত হৈ থকা অভিযোগবোৰত নিজৰ অসন্তুষ্টি প্ৰকাশেৰে কয় যে অসমত যিজন ব্যক্তিয়ে এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেই আই এ এছ বিষয়া হাজেলাৰ বিৰুদ্ধে অভিযোগ অনা হ’ল। বিজেপিয়ে ৫০-৬০ লাখ বিদেশী ওলাব বুলি কৈছিল। কিন্তু আচল অৰ্থত ১৯ লাখৰ হে নাম বাদ পৰিল, ৰমেশৰ মন্তব্য।

Related News