• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত খিলঞ্জীয়া জনজাতিৰ সমাৱেশত বাধাৰ প্ৰাচীৰ ‘বিজেপি-খিলঞ্জীয়া’ চৰকাৰ!

ত্ৰিপুৰাতো অসমৰ দৰে এন আৰ চিৰ দাবীৰে সেই সমাৱেশতে ৫০ হাজাৰ ত্ৰিপুৰী লোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আছিল। এন আৰ চিৰ দাবীৰে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এসময়ৰ আই পি এফ টি তথা বৰ্তমান টি পি এফ আৰু নৰ্থ ইষ্ট ইন্দিজেনাছ পীপলছ ফ’ৰাম (NEIPF)-ৰ নেত্ৰী জামাতিয়া।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2018 8:59 pm
bjp-ipft govt in tripura denies permission for tpf meeting

খিলঞ্জীয়া সমাৱেশৰ বাবে ত্ৰিপুৰাত উপস্থিত হোৱা অনুপ চেতিয়া, ৰঞ্জিত কোঁচৰ সৈতে ত্ৰিপুৰী নেত্ৰী জামাতিয়া আৰু অনান্য। ছবি- ফে’চবুকৰ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত ২৭টা বাঙালী সংগঠনৰ ঐক্য মঞ্চই আহ্বান কৰা সমাৱেশক লৈ ৰাজ্যজুৰি চৰ্চা চলি থকাৰ পৰতে ত্ৰিপুৰাত খিলঞ্জীয়া জনজাতীয়ৰ এক সভাত ৰাজ্যখনৰ খিলঞ্জীয়া দল আই পি এফ টি-বিজেপিৰ চৰকাৰখনে বাধাৰ প্ৰাচীৰৰূপে থিয় দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

‘‘ত্ৰিপুৰা মাৰ্জাৰ দিৱস’’ উদযাপনৰ বাবে খিলঞ্জীয়া জনজাতিৰ সংগঠন ত্ৰিপুৰা পীপলছ ফ্ৰন্ট (TPF)এ আয়োজন কৰা এখন সমাৱেশ “দুৰ্গা পূজা থকাৰ বাবে” অনুমতি নিদিয়াৰ বাবে তীব্ৰভাৱে সমালোচিত হৈছে ত্ৰিপুৰা চৰকাৰ।

Apply Now

১৫ অক্তোবৰত ভাৰতৰ সৈতে ত্ৰিপুৰাৰ সংলগ্ন হোৱা ঐতিহাসিক দিৱসটো উদযাপনত ৫০ হাজাৰ লোকে ভাগ লোৱাৰ কথা আছিল। সমাৱেশত ভাগ লোৱাৰ বাবে আলফা নেতা অনুপ চেতিয়াৰ নেতৃত্বত যোৱা খিলঞ্জীয়া মঞ্চ, অসমৰ দলটোও ইতিমধ্যে বিফল মনোৰথে ঘূৰি আহিছে ৰাজ্যলৈ।

চৰকাৰ আৰোপিত এই বাধাৰ বিৰুদ্ধে ত্ৰিপুৰাৰ সংগঠনটোৰ নেত্ৰী পাতাল কন্যা জামাতিয়াৰ উপৰি সোচ্চাৰ হৈছে অসমৰ খিলঞ্জীয়া মঞ্চও।

“যিটো দিনত ত্ৰিপুৰা ভাৰত ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত হৈছিল সেই দিনটোৰ স্মৃতিত আয়োজন কৰা কাৰ্য্যসূচীৰ অনুমতি বাতিল কৰি ত্ৰিপুৰা চৰকাৰে অকল খিলঞ্জীয়া লোককে অপমান কৰা নাই, বৰঞ্চ ভাৰত ৰাষ্ট্ৰকো অংগুস্থ প্ৰদৰ্শন কৰা নাইনে?” প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছতো দিৱস আয়োজনত বাধা দিয়াৰ “ৰহস্য” জানিব খুজি এই প্ৰশ্ন খিলঞ্জীয়া মঞ্চ, অসমৰ ৰঞ্জিত নাৰায়ণ কোঁচৰ।

ত্ৰিপুৰাতো অসমৰ দৰে এন আৰ চিৰ দাবীৰে সেই সমাৱেশতে ৫০ হাজাৰ ত্ৰিপুৰী লোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আছিল। অসমত এন আৰ চি উন্নীতকৰণৰ কৃতিত্ব ভাৰতৰ আন ৰাজ্যত বিজেপিয়ে লৈ অহাৰ বিপৰীতে বাঙালী সংখ্যাগুৰুত পৰিণত হোৱা ত্ৰিপুৰাত এই কাম হোৱাতো দলটোৱে বিচৰা নাই বুলি দাবী কৰি আহিছে ত্ৰিপুৰাৰ জনজাতীয় নেত্ৰী জামাতিয়াই।

লগতে পঢ়ক– বাঙালী সংগঠন নালাগে বিজেপি চৰকাৰেও পাতিব নোৱাৰিব সমাৱেশ, বজ্ৰ ঘোষণা জিতেন দত্তৰ

অসমৰ দৰে ত্ৰিপুৰাটো এন আৰ চিৰ দাবী কৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এসময়ৰ আই পি এফ টি তথা বৰ্তমান টি পি এফ আৰু নৰ্থ ইষ্ট ইন্দিজেনাছ পীপলছ ফ’ৰাম (NEIPF)-ৰ নেত্ৰী জামাতিয়া।

“ত্ৰিপুৰাত নাগৰিক পঞ্জী উন্নীতকৰণ হ’লে স্বয়ং ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীয়েই বাদ পৰিব,” ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবৰ নাগৰিকত্বক লৈ প্ৰশ্ন কৰি এই দাবী কৰি আহিছে নেত্ৰীগৰাকীয়ে।

ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৪৯ চনৰ ১৫ অক্তোবৰত ত্ৰিপুৰাৰ ৰজা আৰু ভাৰত চৰকাৰৰ এক চুক্তি মৰ্মে একে দেশৰ চামিল হৈছিল ৰাজ্যখন।

ত্ৰিপুৰীসকলে প্ৰতি বছৰে পালন কৰি অহা এই ঐতিহাসিক দিনটো উদযাপনত ত্ৰিপুৰা চৰকাৰৰ এই বাধা ৰাজনৈতিকভাৱে স্বাভাৱিকতেই তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd