NORTHEAST NOW (Assamese)

৭৪ বছৰীয়া এক বৃদ্ধক হত্যা : বিজেপি নেতাসহ তিনিগৰাকী লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ

March 21, 2021 1:14 pm · এন ই নাও নিউজ
Updated: March 21, 2021 1:18 pm

এক হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিৰ সৈতে এগৰাকী বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

দেওবাৰে পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এগৰাকী ৭৪ ব্যক্তিক হত্যা কৰাৰ অভিযোগত বিজেপি নেতাগৰাকীৰ সৈতে অন্য দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

শুকুৰবাৰে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰি শনিবাৰে স্থানীয় আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে আটাইকেইজন অভিযুক্তক ১০ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যোৱা ৯ মাৰ্চত ৰাইনা আৰক্ষী থানাৰ অন্তৰ্গত প’ষ্ট অফিচ পাৰাৰ নিজা বাসগৃহৰ ভিতৰতে বয়োজ্যেষ্ঠ লোকজনক গুলীয়াই হত্যা কৰা হৈছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ধন লুটৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল। উক্ত দিনাই লোকজনে বেংকৰ পৰা যথেষ্ট পৰিমাণে ধন উলিয়াইছিল।

ইফালে অভিযুক্তসকলে ঘটনাক্ৰমে বয়োবৃদ্ধ লোকজন গুলীবিদ্ধ হোৱা বুলি দাবী কৰা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

হত্যাকাণ্ডটো সংঘটিত কৰিয়ে তিনি অভিযুক্ত আত্মগোপন কৰিছিল যদিও আৰক্ষীয়ে মোবাইল লোকেশ্যন ট্ৰেকিঙৰ জৰিয়তে তিনিওকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related News