NORTHEAST NOW (Assamese)

বিজেপি এৰি কংগ্ৰেছত যোগদান প্ৰাক্তন ডি এইচ্ছ ডি প্ৰধান দিলীপ নুনিচাৰ 

January 3, 2019 11:04 am · পংকজ কুমাৰ দেব
Updated: January 3, 2019 11:31 am
ফটো : নৰ্থ-ইষ্ট নাও

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দলত ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে তীব্ৰতৰ ৰূপ লোৱাৰ সময়তে প্ৰাক্তন ডি এইচ্ছ ডি প্ৰধান দিলীপ নুনিচাইও বিজেপি এৰি কংগ্ৰেছত যোগদান কৰাত গেৰুৱা বাহিনীৰ শিৱিৰ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে প্ৰাক্তন ডি এইচ্ছ ডি প্ৰধান দিলীপ নুনিচাই দীৰ্ঘ দিনৰ পৰা বিজেপি দলৰ হৈ দিয়ুঙব্ৰা সমষ্টিৰ উন্নয়নৰ কাৰনে কাম কৰি সাংগঠনিক ভেটি মজবুত কৰিছিল যদিও দলে অন্তিম মুহুৰ্তত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাত তেওঁ দল এৰিবলৈ বাধ্য হয়।

বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰা নুনিচাই পৰিষদৰ নিৰ্বাচনত ২৪ নম্বৰ হামৰি আসনৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে।

বিজেপি দলৰ হৈ দিয়ুঙব্ৰা আসনৰ পৰা প্ৰাৰ্থিত্ব বিচৰা দিলীপ নুনিচাই আজি দিনৰ এঘাৰ বজাত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব।

উল্লেখ্য যে অহা ১৯ জানুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৩ জানুৱাৰি। ইতিমধ্যে বিজেপি দলৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত অধিকাংশ প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰাত স্বাভাৱিকতে আকৰ্ষণীয় হ’ব এইবাৰৰ পৰিষদীয় নিৰ্বাচন।

Related News