সংস্কৃত টোল বন্ধ কৰিলে আমাৰ সংস্কৃতি ধ্বংস হ’ব : ৰাজেন গোঁহাই

Rajen Gohain

ৰাজেন গোঁহাই

ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্তানি আদি দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সংস্কৃত টোল আৰু মাদ্ৰাছা সমূহ আগন্তুক চাৰি-পাঁচ মাহৰ ভিতৰতে বন্ধ কৰি দিয়া হ’ব বুলি সদৰী কৰাৰ পিছতেই এক অনিশ্চিত ভবিষ্যৰ আশংকাত দিন অতিবাহিত কৰিছে মাদ্ৰাছ আৰু টোলসমূহৰ ছাত্ৰ-ছাত্ৰী লগতে তেওঁলোকৰ অভিভাৱক সকল।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পাছতেই সমগ্ৰ ৰাজ্যৰে সচেতন মহলৰ মাজত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নগাঁও জিলাৰ বিজেপিৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে।

বৃহস্পতিবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুপৰীয়া নগাঁও জিলাৰ পুৰণিগুদাম নিকটৱৰ্ত্তী ভেৰভেৰী নৰসিংহ ক্ষেত্ৰৰ মহামৃত্যুঞ্জয় মন্দিৰত চলি থকা শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞত উপস্থিত হৈ আৰ্ঘ্য প্ৰদানৰে ভগৱানৰ ওচৰত আশীষ বিচাৰে।

ইয়াৰ পাছতেই সাংবাদিকৰ সৈতে মুখামুখি হোৱাত জেষ্ঠ বিজেপি নেতা গৰাকীয়ে সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰাৰ চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “মাদ্ৰাছাই ধৰ্মীয় গোড়ামীৰ শিক্ষা দিয়ে তথা মাদ্ৰাছা ধৰ্মৰ ভিত্তিত গঢ়ি উঠা এক অনুষ্ঠান গতিকে মাদ্ৰাছা বন্ধ কৰাটো বেলেগ কথা কিন্তু সংস্কৃত টোল বন্ধ কৰাৰ মই পক্ষপাতী নহয়।’’

‘‘সংস্কৃত টোল বহু হাজাৰ হাজাৰ বছৰৰ আগৰ পৰায়ে চলি আহিছে আৰু এই সংস্কৃত টোল ভাৰতীয় সংস্কৃতি তথা পৰম্পৰাৰ ধ্বজাবাহক। গতিকে সংস্কৃত টোল বন্ধ কৰাটো উচিত নহয়। সংস্কৃত টোল বন্ধ কৰিলে আমি আমাৰ সংস্কৃতি ধ্বংস কৰা হব,” প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়।

তদুপৰি, গোঁহায়ে সকলো ভাৰতীয় ভাষাৰ মূল উৎস সংস্কৃত বুলিও দোহাৰে।