• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবৈধ লটাৰী ব্যৱসায়ীৰ পৰা ধনদাবী কৰি নিলম্বিত বিজেপি নেতা

NE NOW NEWS অনুপ শৰ্মা
গুৱাহাটী , June 25, 2019 10:32 pm

2 min read

Barpeta-Lottery
821
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতৃত্বাধীন চৰকাৰখনে যি সময়ত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ঢোল বজাই আছে সেই সময়তেই বিজেপিৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা নগৰ মণ্ডল সমিতিৰ সভাপতিক লটাৰীৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত পদচ্যুত কৰাৰ লগতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

বৰপেটা নগৰ মণ্ডল সমিতিৰ সভাপতি মুকুট ৰঞ্জন দাস আৰু লটাৰী চক্ৰৰ মধু দাস নামৰ এজন সদস্যৰ মাজত হোৱা কথোপকথনৰ অডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছত এই কথা প্ৰকাশ পাইছে।

অডিঅ’ ৰেকৰ্ডিংটোত মুকুট ৰঞ্জন দাসে বৰপেটা জিলাত লটাৰী অনুষ্ঠিত কৰাৰ অনুমতি দিয়াৰ বাবে  লটাৰী ব্যৱসায়ীৰ হৈ মধু দাসৰ পৰা পাঁচ লাখ টকা বিচাৰি দৰ দাম কৰি থকা কথা উন্মোচিত হৈছিল। অন্যহাতে মধুৱে অবৈধ লটাৰী অনুষ্ঠিত কৰাৰ নামত দুই লাখ টকা দিবলৈ ৰাজি হৈছিল।

এই ভাইৰেল অডিঅ’টোৱে ২০১৬ চনত পৰিবৰ্তনৰ শ্লগান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰখনৰ ‘শূন্য সহনশীলতা’ক লৈ ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

এই ঘটনা পোহৰলৈ অহাৰ পাছত বিজেপিৰ বৰপেটা জিলা সমিতিয়ে মুকুট ৰঞ্জন দাসলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে সাত দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী দিছে।

WhatsApp-Image-2019-06-25-at-7.14.10-PM

‘’অতি সম্প্ৰতি বিভিন্ন ব্যক্তিৰ মোবাইলত সিঁচৰতি হৈ পৰা এটি অডিঅ’ বাৰ্তালাপৰ ৰেকৰ্ডিংত আপুনি লটাৰী ব্যৱসায়ীৰ পৰা ৫ লাখ টকা দাবী কৰা প্ৰমাণিত হৈছে। সম্পূৰ্ণ অসাধু উপায় অৱলম্বন কৰি গোপনে অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অৰ্থে ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা নগৰ মণ্ডল সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থাকি আপুনি কৰা উক্ত বাৰ্তালাপে জনমানসত দলৰ ভাৱমূৰ্তিত যথেষ্ট আঘাত সানিছে,’’- বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাসে প্ৰেৰণ কৰা পত্ৰখনত এইদৰে উল্লেখ কৰিছে।

সেয়েহে তৎকালীনভাৱে বলৱৎ হোৱাকৈ আপোনাক বৰপেটা নগৰ মণ্ডল সমিতিৰ সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ল।

WhatsApp-Image-2019-06-25-at-7.32.25-PM-300x298
মধু দাস

বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি লোৱাৰ সময়ত এজন বিজেপি নেতাৰ বিৰুদ্ধে এনে অভিযোগ স্বাভাৱিকতে তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে।

শেহতীয়াভাৱে নগাঁৱৰ সাংসদ তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা সমষ্টিত চলি থকা কয়লা চিণ্ডিকেটৰ লগত জড়িত থকা বুলি অভিযোগ আনিছে।

কংগ্ৰেছ নেতাজনে এই চিণ্ডিকেটত প্ৰশাসন, বন বিভাগ, অসম চৰকাৰৰ বিষয়া আৰু সাংবাদিকো জড়িত থকাৰ অভিযোগ আনিছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd