• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দলীয় শৃংখলা ভংগ আৰু নেতৃত্বৰ সমালোচনা : ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কৃত হ’ল বিজেপি নেতা ইয়ানতাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2025 7:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি কৰ্ণাটকৰ পৰা বহিষ্কৃত হ’ল বিতৰ্কিত নেতা তথা দলীয় বিধায়ক বাসনাগৌড়া পাটিল ইয়ানতাল।

বাৰম্বাৰ দলীয় শৃংখলা ভংগৰ অভিযোগত তেওঁক ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।

Apply Now

ৰাজনৈতিক মহলৰ মতে, দলৰ ৰাজ্য সভাপতি বিজয়েন্দ্ৰৰ সৈতে ইয়ানতালৰ শীতল যুদ্ধৰ ফলত দলৰ যি ক্ষতি হৈছিল, সেয়া এতিয়া বন্ধ হ’ব।

ইফালে বিজেপিৰ এটা অংশৰ মতে, এই সিদ্ধান্তৰ ফলত দলটো কৰ্ণাটকত আৰু অধিক দুৰ্বল হ’ব।

উল্লেখ্য যে এইবাৰই প্ৰথম নহয়। এইবাৰৰ সৈতে তৃতীয়বাৰৰ বাবে বিজেপিৰ পৰা বহিষ্কৃত হ’ল বাসনাগৌড়া ইয়ানতাল।

ইয়ানতালৰ বহিষ্কাৰৰ পিছত বিজেপি ৰাজ্য সভাপতি বিজয়েন্দ্ৰই ছ’চিয়েল মিডিয়াত এটা পোষ্টত জনাইছে যে এই সিদ্ধান্ত অনিবাৰ্য আছিল। এনে ধৰণৰ সিদ্ধান্ত দুৰ্ভাগ্যজনক হ’লেও দলৰ শীৰ্ষ নেতৃত্বই সকলো দিশ বিবেচনা কৰিয়েই এই সিদ্ধান্ত লৈছে। তেওঁ লিখিছে, “মই এই সিদ্ধান্তত কোনোধৰণে আনন্দিত নহয়।”

ইয়ানতালৰ বহিষ্কাৰৰ বিষয়ে দলৰ ভিতৰত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। কিছুমানে প্ৰকাশ্যভাৱেই এই কট্টৰ হিন্দুত্ববাদী নেতাৰ বহিষ্কাৰৰ সিদ্ধান্তক স্বাগতম জনাইছে, আন কিছুমানে এই সিদ্ধান্তত ক্ষোভ প্ৰকাশ কৰিছে।

তেওঁৰ পোষ্টত বিজয়েন্দ্ৰই আৰু লিখিছে, “দলে শৃংখলা আৰু ত্যাগক প্ৰাধান্য দিয়ে আৰু আমাৰ পূৰ্বসূৰীসকলে এই মূল্যবোধৰ সৈতে আপোচ কৰাৰ কোনো উদাহৰণ নাই। দলৰ তিক্ত ঘটনাৰ বিষয়ে মই কেতিয়াও দলীয় নেতৃত্বৰ ওচৰত কোনো অভিযোগ জনোৱা নাই আৰু মোৰ পিতৃৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰিছো। তেওঁ দলক সমতাৰে গঢ়ি তুলিছিল আৰু দলক এটা বৃহৎ পৰিয়ালৰ দৰে বিবেচনা কৰিছিল। আহক আমি এক দল হিচাবে ঐক্যবদ্ধ হওঁ, গঠনমূলক পৰামৰ্শ গ্ৰহণ কৰোঁ আৰু নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত’ৰ সংকল্পক শক্তিশালী কৰাৰ বাবে দলক আগুৱাই নিওঁ।”

কৰ্ণাটক ৰাজনীতিত লিংগায়েত গোষ্ঠীৰ প্ৰভাৱ অনস্বীকাৰ্য। এতিয়ালৈকে ৰাজ্য বিজেপিত লিংগায়েত গোষ্ঠীৰেই প্ৰাধান্য আছে। সেই প্ৰাধান্য নেতৃত্বত যিমান আছে, তিমানেই ৰাজ্যত বিজেপিৰ ভোটাৰৰ এটা ডাঙৰ অংশও লিংগায়েত।

বাসনাগৌড়া পাটিল ইয়ানতাল নিজেও পঞ্চমশালি লিংগায়েত নেতা। উত্তৰ কৰ্ণাটকত তেওঁৰ অনুগামীৰ সংখ্যা যথেষ্ট। ইতিমধ্যে পঞ্চমশালি মঠৰ ধৰ্মীয় গুৰুসকলে ইয়ানতালৰ বহিষ্কাৰ প্ৰত্যাহাৰ নকৰিলে ব্যাপক প্ৰতিবাদত নমাৰ হুংকাৰ দিছে।

ইফালে বিজয়েন্দ্ৰ আৰু ইয়ানতাল দুয়ো লিংগায়েত সম্প্ৰদায়ৰ নেতা হ’লেও, ইয়ানতাল পঞ্চমশালি গোষ্ঠীৰ অন্তৰ্গত, যিটো লিংগায়েতসকলৰ ভিতৰত সংখ্যাগতভাৱে অত্যন্ত শক্তিশালী উপ-সম্প্ৰদায়।

ইয়াৰ উপৰিও কট্টৰ হিন্দুত্ববাদীসকলৰ এটা ডাঙৰ অংশ ইয়ানতালৰ সমৰ্থক। বিজেপি, কৰ্ণাটকৰ একাধিক শীৰ্ষ নেতৃত্বইও ইয়ানতালক পছন্দ কৰে। তেওঁলোকৰ মাজৰ বহুতেই মন কৰে যে ৪৯ বছৰীয়া বিজয়েন্দ্ৰৰ দল পৰিচালনাৰ বাবে যথেষ্ট অভিজ্ঞতা নাই আৰু ৰাজনীতিত ইয়ানতালৰ তুলনাত নতুন। ফলত তেওঁৰ পক্ষে দলৰ সভাপতি হিচাবে কাম চলোৱা বেছিভাগ সময় সম্ভৱ হৈ উঠা নাই। তেওঁ দলটোক নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিছে।

ইয়াৰ আগতে ৰাজ্যৰ প্ৰভাৱশালী লিংগায়েত নেতা বি এছ য়েদুৰিয়াপ্পাক মুখ্যমন্ত্ৰী পদৰ পৰা কিছু জোৰ কৰিয়েই আঁতৰাই দিয়াৰ ফলত ৰাজ্য ৰাজনীতিত বিৰূপ প্ৰভাৱ পৰিছিল। সেই সময়ত কৰ্ণাটক বিজেপিৰ হাতত একাধিক বিকল্প নেতা থকাৰ পিছতো তেওঁলোকৰ মাজৰ পৰা নেতৃত্ব বাছি লোৱা হোৱা নাছিল। বৰং য়েদুৰিয়াপ্পাৰ ক্ষোভ কমাবলৈ তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰকেই দায়িত্ব দিয়া হৈছিল।

ইয়ানতালৰ আগতে, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী আৰু কুৰুবা নেতা কে এছ ঈশ্বৰাপ্পাকো দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। ২০২৪ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি কৰ্ণাটকে দলৰ প্ৰতিষ্ঠিত আৰু প্ৰভাৱশালী নেতা অনন্তকুমাৰ হেগড়ে (উত্তৰ কন্নড়) আৰু প্ৰতাপ সিংহ (মহীশূৰ-কোডাগু)ৰ দৰে কট্টৰ হিন্দুত্ববাদী নেতাসকলকো মনোনয়ন দিয়া নাছিল।

বহিষ্কাৰৰ পিছত ইয়ানতালে জনাইছে, “কিছুমান স্বাৰ্থান্বেষী মহলে নিজৰ এজেণ্ডা আগুৱাই নিয়াত সফল ভূমিকা পালন কৰিছে। এইটোৱে মোক দুৰ্নীতি, পাৰিবাৰিক ৰাজনীতিৰ বিৰুদ্ধে আৰু উত্তৰ কৰ্ণাটক তথা হিন্দুত্বৰ উন্নয়নৰ বাবে সংগ্ৰাম কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd