কংগ্ৰেছৰ বাটেৰেই বাট : বিজেপিয়ে অসমৰ পৰা ৰাজ্যসভালৈ সাংসদ কৰি পঠাব বিহাৰৰ শক্তিশালী নেতাক

অসম বিজেপিৰ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ অন্য এটা বিপৰ্য্যয়

RamVilas

বহু কথাতে কংগ্ৰেছৰ বাটেৰেই বাট বোলা জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা অসমৰ বিজেপিৰ জনপ্ৰতিনিধিসকল আৰু চৰকাৰখনৰ কাণ্ড-কাৰখানা জনগণে যোৱা আঢ়ৈটা বছৰত চকু-কাণ মুদি সহি আহিছে। ‘হিন্দু বাংলাদেশী আনিলেহে অসমীয়া বাচিব’ ধৰণৰ কথাৰে অসমৰ মানুহক মূৰ্খ সজোৱা অসম বিজেপিয়ে এইবাৰ বিহাৰৰ লোক জনশক্তি পাৰ্টিৰ নেতা ৰামবিলাস পাছোৱানক অসমৰ সাংসদ হিচাপে নিৰ্বাচন কৰি ৰাজ্যসভালৈ পঠোৱাৰ পাং পাতিছে।

দলৰে এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে পাছোৱানক সাংসদ নিৰ্বাচন কৰাটো ইতিমধ্যে নিশ্চিত কৰা হৈছে। তাতকৈও ডাঙৰ কথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই বিহাৰত দলটোৰ সৈতে আসন ভাগ বাটোৱাৰা কৰিবলৈ গৈ পাছোৱানক এই প্ৰতিশ্ৰুতি দিছে অসমৰ বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনা নকৰাকৈয়ে।

উল্লেখযোগ্য যে অসমত ৰাজনীতিবিদ তথা যোগ্য মানুহৰ অভাৱ নোহোৱা সত্ত্বেও কংগ্ৰেছে প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু সঞ্জয় সিঙক অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচন কৰিছিল, যিটোৰ বাবে দলটো অসমৰ জনগণৰ পৰা সমালোচনাৰ সন্মুখীন হৈছিল। বিজেপিয়েও কংগ্ৰেছ দলৰ এই কাৰ্য্যক থলুৱা বিৰোধী বুলি সমালোচনা কৰিছিল।

কিন্তু তাৰ পিছতো বিজেপিয়ে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বিহাৰৰ ৰাজনীতিৰ এজন শক্তিশালী নেতা পাছোৱানক অসমৰ পৰা নিৰ্বাচন কৰি পঠাবলৈ লোৱা সিদ্ধান্তই অসমৰ জনগণৰ দৃষ্টিত দুয়োটা দলেই যে একেই পথৰ পথিক, জাতি-মাটি-ভেটিৰ কথা কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ শ্ল’গান সেয়া বুজি উঠিছে। বিজেপিয়ে ইতিপূৰ্বেই কংগ্ৰেছৰ গান্ধী-নেহৰু নামক প্ৰচাৰ-প্ৰসাৰ কৰাৰ দৰে বাজপেয়ী আৰু দীনদয়ালৰ নাম প্ৰচাৰ-প্ৰসাৰ কৰাত লাগি গৈছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অহা এপ্ৰিলত মনমোহন সিঙৰ কাৰ্য্যকালৰ অন্ত পৰিব। ফলত এই আসনখন খালী হ’ব। লগতে শান্তিয়াছ কুজুৰৰ কাৰ্য্যকালো অন্ত পৰিব। গতিকে অসমত দুখনকৈ ৰাজ্যসভাৰ আসন খালী হ’ব আৰু তাত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ সম্ভাৱনা নাই। কাৰণ ১২৬জন বিধায়কৰ মাত্ৰ ২৫জনহে কংগ্ৰেছৰ বিধায়ক আছে। গতিকে পাছোৱানক সহজেই জয়ী কৰাব পাৰিব বিজেপিয়ে।