অগপক ৫০ খন আসন এৰি দিব বিজেপিয়ে; কিন্তু এটা চৰ্ত ধৰি দিলে হিমন্তই

বিপিএফ বাদ! ২০২১ ত মিত্ৰতাৰ পটভূমি পৰিৱৰ্তন হোৱাৰ ইংগিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মিত্ৰদল অসম গণ পৰিষদক ৫০ খন আসন এৰি দিবলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী। এই কথা চৰ্ত সাপেক্ষে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

খানাপাৰাত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত হিমন্তই কয় ‘অগপই নিজৰ জনপ্ৰিয়তা অনুযায়ী বিজেপিৰ পৰা আসন লাভ কৰিব। অগপৰ কিমান জনপ্ৰিয়তা আছে সেয়া সাংবাদিকে কাকতত লিখা কথাসমূহৰ পৰা বিচাৰ কৰিম। যদি সংবাদ মাধ্যমে অগপৰ জনপ্ৰিয়তা ৫০ খনত আছে বুলি কয় তেন্তে আমি ৫০ খনৰ ফালে যাব লাগিব।‘

‘এই দুমাহে কাকতে পত্ৰই যিবোৰ লিখিব সেইসমূহৰ ওপৰতে আমি পৰ্য্যালোচনা তথা পৰ্য্যবেক্ষণ কৰিম কাৰ কিমান জোৰ আছে।‘

ইপিনে, বিপিএফক বাদ কৰি ২০২১ ত মিত্ৰতাৰ এক নতুন পটভুমিৰ কথা সদৰী কৰে হিমন্তই।

‘২০১৬ ত বিজেপি, বিপিএফ আৰু অগপ মিত্ৰতাত আছিলো। ২০২১ ত মিত্ৰতাৰ পটভূমি পৰিৱৰ্তন হ’ব। ২০২১ ৰ বিধানসভাত মিত্ৰতাত অসম গণ পৰিষদ থকাটো আমি পোষকতা কৰো।‘ হিমন্তই এইদৰে কয়।

তেওঁ লগতে বিপিএফৰে ২১ ত মিত্ৰতা নকৰাৰ ইংগিত দি কয় ‘প্ৰমিলাৰাণী ব্ৰহ্ম, ৰিহন দৈমাৰী আৰু চন্দন ব্ৰহ্ম ২০২১ চনলৈকে মন্ত্ৰী হৈ থকাৰ অধিকাৰ সম্পূৰ্ণ আছে। ২০১৬ ত নিৰ্বাচনী মিত্ৰতা ৫ বছৰৰ বাবে কৰা হৈছিল। ২০২১ ত কি হ’ব কি নহ’ব সেয়া খুব কম দিনৰ ভিতৰত পোহৰলৈ আহিব। ২০২১ ত বিপিএফৰ লগত মিত্ৰতা হোৱাটো অতি ক্ষীণ।‘

ইপিনে, AJP , ৰাইজৰ দল কিবা পিডিপি তেওঁলোক ভালে-কুশলে থাকক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো বুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘সকলো একেলগ হৈ ভালে-কুশলে থাকক।‘