হেমন্তক দিল্লীৰ পৰা গোপনে ৰাঁচীলৈ পলোৱাত সহায় কৰিছিল কেজৰিৱালে; দাবী বিজেপি সাংসদৰ

প্ৰায় দুদিন ধৰি সন্ধানহীন হৈ আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন। দিল্লীৰ ঘৰত ইডিৰ অভিযান চলোৱাৰ পূৰ্বে ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বীগৰাকীয়ে আত্মগোপন কৰি ৰাখিছিল। সোমবাৰৰ পৰা তালাচী চলাই ইডিয়ে তেওঁৰ বিএমডব্লিউ গাড়ীখন জব্দ কৰিছে। কিন্তু হেমন্ত ছোৰেন ক’ত?

বিজেপি সাংসদ নিশিকান্ত ডুবেৰ দাবী যে অৰবিন্দ কেজৰিৱালে হেমন্ত ছোৰেনৰ সৈতে হাত মিলাইছে। কেৱল সেয়াই নহয়, ডুবে আৰু দাবী কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হেমন্তক দিল্লীৰ পৰা ৰাঁচীলৈ পলায়ন কৰাত সহায় কৰিছিল।

নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি বিজেপি সাংসদগৰাকীয়ে দাবী কৰে যে, ‘খবৰ অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেহে হেমন্ত ছোৰেনজীক দিল্লীৰ পৰা ৰাঁচীলৈ পলায়ন কৰাত সহায় কৰিছিল। দিল্লীৰ মুখ্যমন্ত্ৰীৰ সহায়ত হেমন্তই নিজকে ঢাকি ৰাখিবলৈ সক্ষম হৈছে। ৰাঁচীৰ মন্ত্ৰী মিথিলেশ ঠাকুৰে তেওঁক ৰাঁচীত প্ৰৱেশ কৰাত সহায় কৰে। সকলো চোৰে চোৰে ভাই ভাই।”

লগতে পঢ়কঃ ইমান টকা কাৰ! ছত্তীশগড়ত গাড়ীৰ পৰা উদ্ধাৰ ২ কোটি ৬৪ লাখ টকা

সোমবাৰে পুৱাৰ পৰাই প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ৰ (ইডি) বিষয়াই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ দিল্লী বাসগৃহত অভিযান চলায়। জানিব পৰা মতে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই হেমন্ত ছোৰেনৰ ঘৰৰ পৰা কিছু নথি-পত্ৰ আৰু এখন বিএমডব্লিউ গাড়ী জব্দ কৰে। তেতিয়াৰ পৰাই প্ৰশ্ন হয় হেমন্ত ছোৰেণ ক’ত?

কেবাটাও সংবাদ মাধ্যমে হেমন্ত ছোৰেনৰ সৈতে কোনো ফোনযোগে যোগাযোগ কৰিব পৰা নাই বুলি দাবী কৰিছে। তাৰপিছতে বিজেপিয়ে হেমন্তৰ নামত এখন নিৰুদ্দেশ হোৱাৰ পোষ্টাৰ লগাইছিল।

লগতে পঢ়কঃশিহৰণকাৰী ঘটনা! নাবালিকাক ধৰ্ষণ কৰি হত্যা; বৰপেটাত গ্ৰেপ্তাৰ হ’ল ১৭ বছৰীয়া কিশোৰ

দেওবাৰে নিশা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বিমানখন দিল্লীত অৱতৰণ হোৱা দেখা যায়। শেষবাৰৰ বাবে তেওঁক তাতেই দেখা গৈছিল। তাৰ পিছত মঙলবাৰে পুনৰ ৰাঁচীৰ ঘৰত দেখা যায় হেমন্তক। ইয়াৰ পিছতে জানিব পৰা মতে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয়। হেমন্তৰ পত্নী কল্পনাও সেই সভালৈ গৈছিল।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বিৰুদ্ধে ভূমি কেলেংকাৰিৰ গোচৰত ধন আত্মসাৎৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি সেই অভিযোগক কেন্দ্ৰ কৰি সোমবাৰে ইডিয়ে দিল্লীত থকা তেওঁৰ ঘৰত ১৩ ঘণ্টা ধৰি তালাচী চলায়। খবৰ অনুসৰি হেমন্ত ছোৰেনৰ ঘৰৰ পৰা ২খন গাড়ী আৰু ৩৬ লাখ নগদ ধন উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়কঃঅক্সফৰ্ডত `ভাইৰাছ’! বিশ্ব প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ আগত শক্তিশালী ভাষণ বোমান ইৰাণীৰ

হেমন্তৰ নিৰুদ্দেশক লৈ বিজেপিয়ে তীব্ৰ প্ৰচাৰ চলাই থকাৰ সময়তে আনফালে মুখ্যমন্ত্ৰীৰ চকীত কোনে বহিব সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। বিজেপিৰ দাবী, ঝাৰখণ্ডতো লালু-ৰাবৰি মডেল আৰম্ভ কৰিব পাৰে। হেমন্ত ছোৰেন গ্ৰেপ্তাৰ হ’লে তেওঁৰ পত্নী কল্পনাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব। বিজেপিৰ দাবী যে নব্বৈৰ দশকত লালু প্ৰসাদে নিজৰ পত্নী ৰাবৰি দেৱীক মুখ্যমন্ত্ৰীৰ আসনত ৰাখি চৰকাৰ চলাই অহাৰ দৰেই হেমন্তেও সেই পন্থা গ্ৰহণ কৰিবলৈ ওলাইছে।