DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ বিধি উলংঘা: বিজেপি সাংসদ সাক্ষী মহাৰাজক ১৪দিনৰ কোৱাৰেন্টাইনলৈ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 9:47 am
WhatsApp Image 2020-08-30 at 9.10.13 AM

বিজেপি সাংসদ সাক্ষী মহাৰাজ। ফাইল ফটো

259
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ আতংকৰ মাজতে স্বাস্থ্যবিধি অমান্য কৰি ঘুৰি ফুৰাৰবাবে উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ সাক্ষী মহাৰাজক ঝাৰখণ্ড আৰক্ষীয়ে ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰিছে।

ৰাজ্যখনত বাহিৰৰ পৰা অহা লোকক ১৪ দিনৰ বাবে পৃথকে ৰখাৰ নিয়ম বান্ধি দিছে ৰাজ্য চৰকাৰে।

ৰাজ্যখনৰ আৰক্ষীয়ে কোভিড বিধি অনুসৰণ কৰিয়েই সাংসদগৰাকীৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰিছে।

বাতৰি অনুসৰি, উত্তৰ প্ৰদেশৰ সাংসদ সাক্ষী মহাৰাজ শনিবাৰে ঝাৰখণ্ডৰ গিৰিধত ব্যক্তিগত কামত গৈছিল। তাৰপৰা তেওঁ পথেৰে ধানবাদলৈ গৈছিল।

ইয়াৰ পাছতে কৰ’নাৰ বিধি উলংঘা কৰি পথত ঘুৰি ফুৰাৰ অভিযোগত ঝাৰখণ্ড আৰক্ষীয়ে তেওঁক আটক কৰে।

কৰ’না বিধি অনুসৰি সাংসদগৰাকীক ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে।

দেশৰ আন অংশৰ লগতে ঝাৰখণ্ডতো কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।  ৰাজ্যখনত এতিয়ালৈকে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৭হাজাৰ ১১২জনলৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘন্টাত নতুনকৈ ১২৯৯জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৮জনৰ মৃত্যু হৈছে।

অৱশ্যে, ৰাজ্যখনত ইতিমধ্যে ২৫হাজাৰতকৈয়ো অধিক ৰোগী কৰ’নামুক্ত হৈ উঠিছে। বৰ্তমান ৰাজ্যখনৰ ১১হাজাৰ ৪৯৮ জন কৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।

বাতৰি অনুসৰি, ঝাৰখণ্ডৰ হেমন্ত চোৰেনৰ চৰকাৰখনে কৰ’নাৰ নিয়ন্ত্ৰণৰ বাবে কঠোৰ নীতি বলবৎ কৰাৰ চিন্তা-চৰ্চা চলাইছে।

Tags: COVID-19

Recent News

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd