NORTHEAST NOW (Assamese)

বিজেপিৰ আইটি চেলৰ ওপৰত ব্যৱস্থা ল’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতাৰ

February 16, 2021 9:42 am · এন ই নাও নিউজ

পৰিৱেশকৰ্মী দিশা ৰবী (২২)-ক মোদী চৰকাৰে গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা জনাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰখনক চোকা সমালোচনা কৰিছ।

বেনাৰ্জীয়ে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি কয় যে চৰকাৰে প্ৰথমে নিজৰ আইটি চেলৰ ওপৰত ব্যৱস্থা ল’ব লাগে, যি মিছা বাতৰি বিয়পাই আহিছে।

বেনাৰ্জীয়ে অভিযোগ কৰে গেৰুৱা দলটোৰ আইটি চেলকৰ্মী সমূহে তৃণমূল কংগ্ৰেছৰ হৈ ভুৱা ফটো উঠে আৰু পাছত দলটোক বদনাম কৰে।

ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈও বেনাৰ্জীয়ে মোদী চৰকাৰক সমালোচনা কৰি কয় যে কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বাদে কেন্দ্ৰীয় চৰকাৰখন বিশেষ একো কাম কৰা নাই।

উল্লেখযোগ্য যে, বাংগালুৰুৰ মাউণ্ট কাৰ্মেল কলেজৰ ছাত্ৰী দিশা ৰবী পৰিৱেশসুৰক্ষা সংক্ৰান্তীয় বিভিন্ন সংস্থাৰ স’তে জড়িত।

Related News