NORTHEAST NOW (Assamese)

প্ৰপাগ’ণ্ডাৰ নামত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিলে ১৭৫৪ কোটি টকা! কি কয় প্ৰতিবেদনে?

February 27, 2025 3:50 pm · এন ই নাও নিউজ, গুৱাহাটী

২০২৩-২৪ বৰ্ষত ভাৰতৰ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ব্যয়ৰ বিস্তৃত বিশ্লেষণ দাঙি ধৰিছে বেচৰকাৰী সংস্থা এছচিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে। সংস্থাটোৱে প্ৰকাশ কৰা  প্ৰতিবেদনত দলসমূহে নিৰ্বাচন আয়োগক দাখিল কৰা বাৰ্ষিক অডিট প্ৰতিবেদনত প্ৰকাশ কৰা তথ্যৰ আধাৰত ছটা ৰাষ্ট্ৰীয় দলৰ মুঠ নিৰ্বাচনী আয় আৰু ব্যয় বিশ্লেষণ কৰিছে। 

সংস্থাটোৱে প্ৰকাশ কৰা এই প্ৰতিবেদনত দেখা গৈছে যে ২০২৩-২৪ চনত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনৰ বাবে ১৭৫৪ কোটি টকা ব্যয়। কংগ্ৰেছ দলে নিৰ্বাচনত ৬১৯.৬৭ কোটি টকা ব্যয় কৰিছে। ইফালে বিজেপিয়ে প্ৰশাসনিক খৰচৰ বাবদ ৩৪৯.৭১ কোটি টকা ব্যয় কৰাৰ বিপৰীতে কংগ্ৰেছে প্ৰশাসনিক আৰু সাধাৰণ খৰচৰ বাবদ ৩৪০.৭০ কোটি টকা ব্যয় কৰে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (এম) প্ৰশাসনিক আৰু সাধাৰণ খৰচৰ বাবদ সৰ্বাধিক ৫৬.২৯ কোটি টকা ব্যয় কৰাৰ বিপৰীতে কৰ্মচাৰীৰ বাবে ৪৭.৫৭ কোটি টকা ব্যয় কৰে।

ছটা জাতীয় দল – বিজেপি, কংগ্ৰেছ, বহুজন সমাজ পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (এম), আম আদমী পাৰ্টি আৰু নেচনেল পিপলছ পাৰ্টিয়ে মুঠ আয় ২,৬৬৯.৮৬ কোটি টকা অনুদানৰ পৰা আহৰণ কৰা বুলি ঘোষণা কৰে।

বিজেপি, কংগ্ৰেছ, আপৰ  মুঠ আয়ৰ ৪৩.৩৬% বৰ্তমান বন্ধ হৈ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰিছল। নিৰ্বাচনী বণ্ডৰ পৰা বিজেপিয়ে সৰ্বাধিক ১৬৮৫.৬৩ কোটি টকা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৮২৮.৩৬ কোটি আৰু আপে ১০.১৫ কোটি টকা লাভ কৰিছিল।

মন কৰিবলগীয়া যে যোৱা বছৰ উচ্চতম ন্যায়ালয়ে এই অনুদান অসাংবিধানিক বুলি ঘোষণা কৰি শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল।

উল্লেখ্য যে সকলো দলৰ বাৰ্ষিক অডিট দাখিলৰ নিৰ্ধাৰিত তাৰিখ আছিল ২০২৪ চনৰ ৩১ অক্টোবৰ, কিন্তু নিৰ্ধাৰিত সময়ত  কেৱল বহুজন সমাজ পাৰ্টি, নেচনেল পিপলছ পাৰ্টি আৰু আম আদমী পাৰ্টিয়েহে অডিট ৰিপৰ্ট দাখিল কৰিছিল। চি পি আই (এম), কংগ্ৰেছ আৰু বিজেপিয়ে ক্ৰমে ১২ দিন, ৫৩ দিন আৰু ৬৬ দিনৰ পলম হোৱাৰ পিছতহে নিৰ্বাচন আয়োগক প্ৰতিবেদন দাখিল কৰিছিল।

Related News