নীতিশ কুমাৰৰ কেবিনেটত আৰু অধিক মন্ত্ৰীত্ব আৰু মন্ত্ৰণালয় লাগে বিজেপিক!

index.jpgaa

বিহাৰৰ নীতিশ কুমাৰৰ কেবিনেটত আৰু অধিক মন্ত্ৰী পদ আৰু মন্ত্ৰণালয় লাগে বিজেপিক।

মংগলবাৰে এক সূত্ৰৰ উদ্ধৃতিৰে এনডিটিভি-এ প্ৰকাশ কৰা বাতৰি অনুসৰি নীতিশ কুমাৰৰ বিহাৰ চৰকাৰৰ মন্ত্ৰীসভাৰ অতি শীঘ্ৰেই সম্প্ৰসাৰণৰ ঘটোৱা হ’ব। আৰু নীতিশ কুমাৰৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত বিজেপিয়ে কেবিনেট পৰ্যায়ৰ আৰু অধিক মন্ত্ৰী পদৰ লগতে মন্ত্ৰণালয় দাবী কৰিছে।

সূত্ৰটোৰ মতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে আলোচনাত মিলিত হৈ এই বিষয়টো অৱগত কৰিছে।

“বিধায়কৰ সংখ্যাৰ তুলনাত বিজেপিয়ে আৰু অধিক কেবিনেট মন্ত্ৰীত্ব বিচাৰিছে। এতিয়াও বিজেপিয়ে অধিক মন্ত্ৰীত্ব পদ লাভ কৰি আছে আৰু এই ধাৰা অব্যাহত থকাটো বিজেপি দলে বিচাৰে।” সূত্ৰটোৱে কয়।

এই সম্পৰ্কে নীতিশ কুমাৰৰ পোন্ধবছৰীয়া সতীৰ্থ তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী বিজেপি নেতা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ সুশীল কুমাৰ মোদীয়েও মুখ খুলিছে।

মোদীয়ে সংবাদ সংস্থা এএনআইৰ আগত কয় যে বিহাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণত কেন্দ্ৰৰ কোনো ভূমিকা নাই যদিও আমি এই সম্পৰ্কীয় কিছু নতুন তথ্য খুব সোনকালে দিবলৈ সক্ষম হ’ম। বিহাৰৰ কেবিনেট শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ’ব।

ইফালে মোদীয়ে নীতিশ কুমাৰৰ দল জনতা দল(ইউ)ৰ সৈতে কোনো সংঘাত আৰু সমস্যাৰ সৃষ্টি হোৱা নাই বুলিও স্পষ্ট কৰি দিছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনত বিজেপি দ্বিতীয় আৰু নীতিশ কুমাৰৰ জনতা দল(ইউ) তৃতীয় বৃহৎ দল ৰূপে পৰিগণিত হৈছিল।

কিন্তু প্ৰাক নিৰ্বাচনী বুজাবুজিৰ বাবে নিৰ্বাচনত জনতা দল(ইউ)তকৈ প্ৰায় দুগুণ অধিক আসন লাভ কৰিও বিজেপিয়ে বিহাৰত মুখ্যমন্ত্ৰীৰ পদটো পূৰ্বৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এৰি দিছিল।