NORTHEAST NOW (Assamese)

মেঘালয়ত অকলেই নিৰ্বাচন খেলিব বিজেপিয়ে

March 7, 2019 10:38 am · এন ই নাও নিউজ
মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এল হেকৰ ফাইল ফটো

আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা দল চমুকৈ বিজেপিয়ে মেঘালয়ত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। মেঘালয় বিজেপিৰ নেতা-কৰ্মী আৰু বিজেপিৰ উত্তৰ-পূবৰ দায়িত্বত থকা অজয় জামুৱালৰ মাজত অনুষ্ঠিত বৈঠকত সকলোবোৰ বিষয় আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।

এন পি পি নেতৃত্বাধীন মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ অংশীদাৰ বিজেপিয়ে লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ দুয়োটা সমষ্টি ক্ৰমে তুৰা আৰু শ্বিলঙৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়াব।

এই সন্দৰ্ভত বিজেপি নেতা তথা মেঘালয় চৰকাৰৰ মন্ত্ৰী এল হেকে কয়, ‘আমি মেঘালয়ৰ দুয়োটা সংসদীয় সমষ্টিতে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’।

অতি শীঘ্ৰে নিৰ্বাচনী সমিতিখন গঠন কৰা হ’ব আৰু সেই সমিতিখনে প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া চলাব বলি হেকে জনায়। তেওঁ লগতে কয় যে ইতিমধ্যে দুয়োটা সমষ্টিৰ পৰা চাৰি-পাঁচজনমান প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

উল্লেখ্য যে দলটোৱে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যি সিদ্ধান্ত ল’লে সেই বিষয়ে ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহক জনোৱাৰ উদ্দেশ্যে দলটোৰ এটা প্ৰতিনিধি দল দিল্লীলৈ যাব বুলিও জানিবলৈ দিয়ে।

ইফালে দলটোৱে নিৰ্বাচনত ৰাজ্যখনৰ পৰা দুয়োখন আসনতে নিজৰ প্ৰাৰ্থী জয়ী হ’ব বুলি মেঘালয় বিজেপিৰ সভাপতিৰ লগতে দলীয় নেতা-কৰ্মীসকলে দাবী কৰে।

মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ অংশীদাৰ দলসমূহৰ মাজত মিত্ৰতা সন্দৰ্ভত যোৱা ৫ মাৰ্চলৈ কোনো আলোচনা নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মেঘালয় বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related News