• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দানবীৰসকলৰ চকু কেবল বিজেপিত! নিৰ্বাচনী বণ্ডৰ পৰা বিজেপিৰ সংগ্ৰহ দেখি চকু থৰ লাগিল বিৰোধীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 15, 2024 7:55 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী বণ্ডৰ পৰা ধন সংগ্ৰহৰ ক্ষেত্ৰত বিজেপিৰ ওচৰে পাজৰে কোনো দল নাই। ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে নিৰ্বাচনী বণ্ডৰ জৰিয়তে সৰ্বাধিক অনুদান লাভ কৰা দলসমূহৰ তালিকাত দ্বিতীয় স্থানত আছে তৃণমূল কংগ্ৰেছ। অৰ্থাৎ পশ্চিম বংগৰ শাসকীয় দলে কংগ্ৰেছতকৈ অধিক ধন লাভ কৰিছে। সেইদৰে তেলেংগানাৰ আঞ্চলিক দল বিআৰএছতকৈ কংগ্ৰেছে অলপহে বেছি ধন লাভ কৰিছে।

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে ৬০,৬০,৫১,১১,০০০ টকা (৬,০৬০.৫ কোটিতকৈ অধিক) অনুদান লাভ কৰিছিল। তৃণমূলে লাভ কৰা অনুদানৰ পৰিমাণ ১৬,০৯,৫৩,১৪,০০০ টকা (১,৬০৯.৫৩ কোটি টকাতকৈও অধিক)।

ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই উচ্চতম ন্যায়ালয়ৰ  নিৰ্দেশৰ পিছত বুধবাৰে বিয়লিৰ ভিতৰত নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য নিৰ্বাচন আয়োগক দাখিল কৰে। সেই তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে নিৰ্বাচনী বণ্ডৰ সকলো পৰিসংখ্যা নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে।

Apply Now

সেই অনুসৰি, কোনটো দলক কিমান টকা দিয়া হৈছে সেই কথা প্রকাশ কৰা হোৱা নাই যদিও এটা দলে কিমান টকা পাইছে সেইটো হিচাপ কৰাটো সহজ৷ আৰু তাৰ ওপৰত ভিত্তি কৰি চাওক কোনটো দলে নিৰ্বাচনী বণ্ডৰ জৰিয়তে সৰ্বাধিক অনুদান লাভ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে চিপিআইএম শীৰ্ষ ২০টা দলৰ ভিতৰত নাই।

নিৰ্বাচনী বণ্ডৰ পৰা কোনটো ৰাজনৈতিক দলে কিমান অনুদান লাভ কৰিছে?

১) বিজেপি: ৬০,৬০,৫১,১১,০০০ টকা।

২) তৃণমূল কংগ্ৰেছ: ১৬,০৯,৫৩,১৪,০০০ টকা।

৩) ভাৰতীয় জাতীয় কংগ্ৰেছ:  ১৪,২১,৮৬,৫৫,০০০ টকা।

৪) ভাৰত ৰাষ্ট্ৰীয় সমিতি (তেলেংগানাৰ শাসকীয় দল আছিল): ১২,১৪,৭০,৯৯,০০০ টকা।

৫) বিজু জনতা দল (ওড়িশাৰ শাসকীয় দল): ৭,৭৫,৫০,০০,০০০ টকা।

৬) ডি এম কে (তামিলনাডুৰ শাসকীয় দল): ৬,৩৯,০০,০০,০০০ টকা।

৭) ৱাই এছ আৰ কংগ্ৰেছ (অন্ধ্ৰ প্ৰদেশৰ শাসকীয় দল): ৩,৩৭,০০,০০,০০০ টকা।

৮)তেলেগু দেশম পাৰ্টি : ২,১৮,৮৮,০০,০০০ টকা।

৯) শিৱসেনা (ৰাজনৈতিক দল): ১,৫৮,৩৮,১৪,০০০ টকা।

১০)ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি): ৭২,৫০,০০,০০০ টকা।

১১) আম আদমি পাৰ্টি (আপ): ৬৫,৪৫,০০,০০০ টকা।

১২) জনতা দল (ছেকুলাৰ): ৪৩,৫০,০০,০০০ টকা।

১৩) ছিকিম ক্ৰান্তিকাৰী মৰ্চাঃ ৩৬,৫০,০০,০০০ টকা।

১৪) নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি: ৩০,৫০,০০,০০০ টকা।

১৫) জনসেনা পাৰ্টি : ২১,০০,০০,০০০ টকা।

১৬) সমাজবাদী পাৰ্টি : ১৪,০৫,০০,০০০ টকা।

১৭) বিহাৰ প্ৰদেশ জনতা দল (ইউনাইটেড): ১৪,০০,০০,০০০ টকা।

১৮) ঝাৰখণ্ড জনমুক্তি মৰ্চাঃ ১৩,৫০,০০,০০০ টকা।

১৯) শিৰোমণি আকালি দলঃ ৭,২৬,০০,০০০ টকা।

২০) এ আই এ ডি এম কে : ৬,০৫,০০,০০০ টকা।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd