NORTHEAST NOW (Assamese)

বিটিচি নিৰ্বাচনত বিজেপিয়ে অকলেই ২০ খনতকৈ অধিক আসন লাভ কৰিব : ভৱেশ কলিতা

March 14, 2020 12:50 pm · কল্পজ্যোতি শইকীয়া
ভৱেশ কলিতাৰ ফাইল ফটো

‘‘বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে ২০ খনতকৈ অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব,’’ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি এই দাবী কৰে মন্ত্ৰী ভৱেশ কলিতাৰ।

বিটিআৰত শক্তিশালী ৰূপত বিজেপিয়ে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি উল্লেখ কৰি বিপিএফৰ লগত মিত্ৰতা থাকিলেও সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব নিৰ্বাচন বুলি কলিতাই মন্তব্য কৰে।

৪০ টা পৰিষদীয় সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থী দিব বুলিও কলিতাই লগতে সদৰী কৰে।

আনহাতে, বিটিচি নিৰ্বাচনত ৪০০ত কৈ অধিক লোকে প্ৰাৰ্থীত্ব বিচাৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী ভৱেশ কলিতাই ইতিমধ্যে দলৰ মন্ত্ৰী তথা সাংসদ সকলে জৰীপ আৰম্ভ কৰি বিজয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব আবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি কয়।

তদুপৰি, অহা ১৬ মাৰ্চত বিটিচি নিৰ্বাচনলৈ বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব বুলিও তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

‘‘বিটিআৰত বছৰ বছৰ ধৰি বিজেপিৰ কাৰ্য্যকৰ্তা বিমুখ হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত আমি অকলে নিৰ্বাচন খেলিম,’’ মন্ত্ৰী ভৱেশ কলিতাই লগতে কয়।

হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তিক বিৰোধ কৰা সন্দৰ্ভতো মত ব্যক্ত কৰি কলিতাই বিজেপিয়ে এই চুক্তিক সন্মান কৰে বুলি মত প্ৰকাশ কৰে।

‘‘হাগ্ৰামা মহিলাৰীৰ মন্তব্য ব্যক্তিগত। বিটিআৰৰ শান্তি আৰু উন্নয়ণ আমাৰ মূল ইছ্যু। নিৰ্বাচনত অগপক আমাক সহায় কৰিব আৰু আমি ৩০ খন আসনো লাভ কৰিব পাৰো,’’ ভৱেশ কলিতাই লগতে কয়।

Related News