• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ প্ৰদেশত পৰাভূত হ’ব বিজেপি , দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ নাজিব জঙৰ বিস্ফোৰক মন্তব্য

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 18, 2022 4:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা সময়ত দিল্লীত কেজৰিৱাল চৰকাৰক চেগ বুজি শলঠেকত পেলোৱা বিজেপিৰ অনুগত ব্যক্তি হিচাবে সৰ্বত্ৰ পৰিচিত নাজিব জঙৰ এক মন্তব্যই এতিয়া কঁপনি তুলিছে গেৰুৱা শিবিৰত।

যিটো সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে উত্তৰ প্ৰদেশত বিজেপিৰেই চৰকাৰ হ’ব বুলি সদম্ভে ঘোষণা কৰি আহিছে সেই সময়তে দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ নাজিব জঙে এই বুলি কৈছে যে উত্তৰ প্ৰদেশত এইবাৰ বিজেপি পৰাভূত হ’ব।

Apply Now

ৰাষ্ট্ৰীয় সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট সন্দৰ্ভত দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ নাজিব জঙে স্পষ্ট ভাষাৰে কয়—’মই নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টী পৰাজিত হ’ব আৰু নতুন চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ব’।
জঙে লগতে কয় যে সমাজবাদী পাৰ্টি আৰু ইয়াৰ সহযোগী দলসমূহে অনায়াসে ২০২ খনৰো অধিক আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিব।

সমাজবাদী পাৰ্টী আৰু ইয়াৰ সহযোগী দলসমূহে কে আন দলৰ কোনো সমৰ্থনৰ নোলোৱাকৈয়ে উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিব।

জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰাক্তন উপাচাৰ্য হিচাবেও এটা সময়ত কাৰ্যনিৰ্বাহ কৰা নাজিব জঙে উত্তৰ প্ৰদেশত বিজেপিৰ পৰাজয়ৰ সম্ভাৱনা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ চিনাক্ত কৰিছে।

জঙৰ মতে উত্তৰ প্ৰদেশত নৰেন্দ্ৰ মোদী বিজেপিৰ বাবে জনপ্ৰিয় মুখ হৈ থকা নাই, মোদীৰ সলনি যোগী আদিত্যনাথেহে প্ৰচাৰ অভিযানত অধিক গুৰুত্ব লাভ কৰাৰ চেষ্টা চলাইছে। যদি আদিত্যনাথৰ ঠাইত মোদীয়ে প্ৰচাৰত আগভাগ ল’লেহেঁতেন তেন্তে ফলাফল কিছু বেলেগ হোৱাৰ সম্ভাৱনা আছিল।

জঙৰ মতে বিজেপিৰ বিৰুদ্ধে কাম কৰা আন প্ৰতিকূল কাৰকবোৰ হ’ল কৃষি আইনৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ গৰিষ্ঠ সংখ্যক লোকৰ অসন্তুষ্টি ,পদপথত বিচৰণ কৰি ফুৰা গৰুৰ ব্যাপক সমস্যা, নিবনুৱা সমস্যা আদি। এনেবোৰ সমস্যা যোগীৰ চৰকাৰে আন্তৰিকতাৰে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলিও জঙে মন্তব্য কৰে।

কোভিড প্ৰতিৰোধৰ বাবে যোগীৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে সাধাৰণ জনতাক আশ্বস্ত কৰিব পৰা নাছিল বুলিও তেওঁ কয়। এয়া যোগীৰ বাবে পৰাজয়ৰ এক অন্যতম কাৰণ হ’ব বুলি তেওঁ উল্লেখ কৰে।

জঙৰ মতে আদিত্যনাথৰ প্ৰচাৰ আৰু ভাষণে উত্তৰ প্ৰদেশৰ ভোটাৰসকলৰ পৰ্যাপ্ত সঁহাৰি লাভ কৰা নাই।

আনহাতে ভোটাৰসকলৰ মাজত মেৰুকৰণ কৰিবলৈ যোগীয়ে চলোৱা প্ৰচেষ্টায়ো বিশেষ কাম দিয়া নাই।

ইয়াৰ বিপৰীতে অখিলেশ যাদৱে হিন্দুত্ববাদীৰ প্ৰত্যাহ্বানক সুন্দৰ ভাবে মোকাবিলা কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি জঙে তেওঁক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ চীনা সামৰিক ৰণনীতিবিদ চান জুৰ সৈতে তুলনা কৰিছে।

জঙে লগতে কয় যে ৮০% বা ততোধিক মুছলমানে সমাজবাদী পাৰ্টিক ভোট দিব (২০১৭ চনত ৫৮%ৰ তুলনাত)। একেদৰে ব্ৰাহ্মণসকলৰ এটা ডাঙৰ অংশ বিজেপিৰ পৰা আঁতৰি যাব। সেই অংশটোৱে কংগ্ৰেছক সমৰ্থন কৰাৰ সম্ভাৱনাই অধিক।

দলিতসকলৰ লগতে অ-জাট সম্প্ৰদায়ৰ ভোটাৰে ২০১৭ চনত বিএছপিক ভোট দিছিল।

এইবাৰো তেওঁলোকে মায়াৱতীৰ বিএছপি আৰু কংগ্ৰেছক অধিক হাৰত ভোট দিব পাৰে। এনেবোৰ কাৰকৰ বাবেই উত্তৰ প্ৰদেশত বিজেপিয়ে সহজে নিৰ্বাচনী বৈতৰণী পাৰ হ’ব পৰাৰ আশা নাই বুলি নাজিব জঙে উল্লেখ কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd