অসমত ‘কা’তকৈ আৰু অধিক ভয়ংকৰ আইন আনিব বিজেপিয়ে : কংগ্ৰেছ নেতা গৌৰৱ গগৈ

ExFgzxVVcAcSa8I-750x375

বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ দিন ওচৰ চাপি অহাৰ লগে লগে প্ৰতিপক্ষ ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ বাক-বিতণ্ডাই এক আকৰ্ষণীয় ৰূপ লোৱা পৰিলক্ষিত হৈছে।

নিৰ্বাচনী আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে মংগলবাৰে কংগ্ৰেছ নেতা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে পুনৰ শাসনলৈ আহিলে বিজেপিয়ে ‘কা’তকৈ ভয়ংকৰ আইন আনিব।

“কা কি! কা আইন মাত্ৰ আৰম্ভণিহে। পুনৰ শাসনলৈ আহিলে বিজেপিয়ে কা’তকৈ ভয়ংকৰ আইন প্ৰৱৰ্তন কৰিব।” লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে কয়।

নতুন আইনসমূহে অসমক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব বুলিও মন্তব্য কৰে লোকসভাৰ সাংসদগৰাকীয়ে।

“নতুন আইনসমূহে অসমক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব। তেওঁলোকে অসমৰ পৰিচয়, ভাষা, সংস্কৃতি আৰু সামাজিক গাঁঠনিটোকে ধ্বংস কৰি পেলাব।” কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে লগতে কয়।

বিজেপিক আৰু অধিক তীব্ৰতাৰে আক্ৰমণ কৰি গৌৰৱ গগৈয়ে লগতে কয় যে অসমত গেৰুৱা দলৰ নেতাসকলে অসমীয়া লোকৰ পৰিৱৰ্তে বাহিৰাগতৰ বাবেহে কাম কৰি আছে।

“বিজেপি নেতাসকলে অসমৰ মানুহৰ বাবে কাম কৰি থকা নাই। তেওঁলোকে বহিৰাগতলকলৰ বাবেহে কাম কৰি আছে।” তেওঁ আৰু কয়।

ইফালে বিজেপিৰ শ্লোগান আন্দোলনমুক্ত অসমক কটাক্ষ কৰি গৌৰৱ গগৈয়ে কয়, “আন্দোলনমুক্ত অসম মানে বিজেপিয়ে গণতন্ত্ৰমুক্ত অসমৰ কথা কৈছে। তেওঁলোকে অসমৰ মানুহৰ কণ্ঠ ৰোধ কৰিবলৈ বিচাৰিছে।”

বিজেপিয়ে শাসনলৈ আহিলে কা আইন কাৰ্যকৰী কৰা হ’ব বুলি কোৱাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, “কংগ্ৰেছে অসমত কা আইন বাতিল কৰাৰ গ্যেৰণ্টি দিছে, বিজেপিয়ে কৈছে এই আইন অতি সোনকালে ৰাজ্যত কাৰ্যকৰী কৰিব। এতিয়া অসমৰ জনসাধাৰণে কি বিচাৰে সেই সিদ্ধান্ত তেওঁলোকে নিজেই ল’ব।”