চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ: টীয়কত প্ৰতিবাদ বিজেপি কৰ্মীৰ

BJP workers protest in Teok

যোৰহাট জিলাৰ টীয়ক সমষ্টিত শাসকীয় বিজেপি দলৰ একাংশ কৰ্মীয়ে চৰকাৰৰ বিভিন্ন  আঁচনিৰ একো সুবিধা পোৱা নাই বুলি আজি এক প্ৰতিবাদ সাব্যস্ত কৰে।

বিষয়টোয়ে টীয়কৰ ৰাজনৈতিক মহলত জোকাৰনি তোলা পৰিলক্ষিত হৈছেl

টীয়ক সমষ্টিৰ মধ্য টীয়ক গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ জনতাৰ প্ৰতিবাদ এয়া।

বৰ্তমান টীয়কৰ বিধায়কগৰাকী অগপৰ, উক্ত পঞ্চায়তখনৰ সভাপতি কংগ্ৰেছৰ আৰু ৱাৰ্ডটোৰ সদস্য গৰাকী অগপৰ হোৱাৰ হেতুকে উক্ত ৱাৰ্ডটোৰ বিজেপিৰ কৰ্মীসকল চৰকাৰী সকলো সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে।

সেয়ে বিশেষকৈ দৰিদ্ৰ জনতাৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিৰ অন্তৰ্ভূক্ত নোহোৱাৰ ক্ষোভত আজি টীয়কৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ৱাৰ্ডটোৰ বিজেপিৰ সদস্যসকলে এক প্ৰতিবাদ সাব্যস্ত কৰে।

আৰু প্ৰতিটো আঁচনি পুনৰ নিৰীক্ষণৰ দাবী জনায়।

যি সময়ত মিত্ৰজোটৰ চৰকাৰ শাসনৰ গাদীত অধিস্থিত হৈ আছে সেই সময়তে বিজেপিৰ তৃনমূল পৰ্য্যায়ৰ ভোটাৰৰ মাজত সৃষ্টি হোৱা এই বেমেজালিয়ে অনাগত নিৰ্বাচনত মিত্ৰজোটৰ চৰকাৰখনক যে বিপদত পেলাব সেয়া নিশ্চিত বুলি বহুতে মন্তব্য কৰিছেl