NORTHEAST NOW (Assamese)

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ অনুদান ৮৭% লৈ বৃদ্ধি! প্ৰায় ৪ হাজাৰ কোটি টকা সংগ্ৰহ দলটোৰ

January 28, 2025 3:10 pm · এন ই নাও নিউজ, গুৱাহাটী

২০২৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে বিজেপিৰ অনুদান বৃহৎ বৃদ্ধি পোৱা দেখা গৈছে, যিটো পূর্বৰ বছৰৰ তুলনাত ৮৭% বৃদ্ধি পাই ৩,৯৬৭.১৪ কোটি টকা হৈছে। দলটোৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি নিৰ্বাচনী বণ্ডৰ জৰিয়তে অনুদান মুঠ ধনৰ ৪৩% আছিল, যিটো পূৰ্বৰ বছৰৰ ৬১% আছিল। অৰ্থাৎ দলটোৱে এতিয়াও নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধনৰ বৃহৎ অংশ লাভ কৰিছিল যদিও স্বেচ্ছামূলক বৰঙণি যথেষ্ট বৃদ্ধি পাইছিল।

দলটোৱে লাভ কৰা মুঠ অনুদান ২০২২-২৩ চনত আছিল ২,১২০.০৬ কোটি টকা। নিৰ্বাচন সম্পৰ্কীয় কাম-কাজতো বিজেপিয়ে অধিক ব্যয় কৰিছিল, খৰচ ১,০৯২.১৫ কোটি টকাৰ পৰা ১,৭৫৪.০৬ কোটি টকা বৃদ্ধি পাইছে।বিজ্ঞাপন আৰু প্ৰচাৰৰ বাবে ব্যয় কৰা হৈছিল ৫৯১.৩৯ কোটি টকা।

উল্লেখ্য যে, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখনক অসাংবিধানিক বুলি ৰায় দি কয় যে ইয়াৰ দ্বাৰা তথ্য জনাৰ অধিকাৰ আৰু বাক্-স্বাধীনতা খৰ্ব কৰা হৈছে। ২০১৮ চনত মোদী চৰকাৰে প্ৰৱৰ্তন কৰা এই আঁচনিৰ জৰিয়তে ৰাজনৈতিক দলসমূহলৈ বেনামী অনুদানৰ অনুমতি দিয়া হৈছিল, যাৰ ফলত ৰাজনৈতিক পুঁজিৰ স্বচ্ছতাৰ প্ৰতি উদ্বেগ প্ৰকাশ পাইছিল।

Related News