DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ কেন্দ্ৰীয় ৱেবছাইট হেকড; “upgrade চলিছে” বুলিহে দাবী অসম বিজেপিৰ সাঃ সম্পাদকৰ

হেকাৰৰ নাম, দেশৰ নাম জনাবলৈ বিজেপিৰ 'শক্তিশালী' আই টি চেলক প্ৰত্যাহ্বান হেকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2019 5:28 pm
BJP Central Website
776
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰ অসম বিজেপিৰ ৱেবছাইট হেকাৰৰ কবলত পৰি বহুদিন পৰ্ন ওলাই থকাৰ পিছত এইবাৰ হেকাৰৰ পাল্লাত পৰিল বিজেপিৰ মূল (কেন্দ্ৰীয়) ৱেবছাইট bjp.org.

আজি পুৱাৰ পৰাই ৱেবছাইটটো হেকড হয়। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ মূল ৱেবছাইট এইদৰে হেকড হৈ থকাত বিমোৰত পৰিছে কৰ্মকৰ্তাসকল।

মন কৰিব লগীয়া যে বিজেপিৰ IT Cell দেশৰ সকলো ৰাজনৈতিক দলৰ ভিতৰতে শক্তিশালী আৰু সক্ৰিয় বুলি কোৱা হয়। কিন্তু তেনে এটা দলৰ ৱেবছাইট হেকাৰৰ কৱলত পৰাৰ পিছত এই পৰ্য্যন্ত ইয়াক সক্ৰিয় কৰিব পৰা নাই শাসনাধিষ্ঠিত বৃহৎ ৰাষ্ট্ৰীয় দলটোৱে।

আনহাতে অসম বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে ৱেবছাইটটো হেকড হোৱা নাই। এইটোৰ আপগ্ৰেইড আৰু মেইনটিনেন্সৰ কাম চলি আছে বাবেহে এনে হৈছে।

“আমি যিখিনি খবৰ পাইছো চেণ্ট্ৰেল অফিচৰ পৰা, এইটো মেইনটিনেন্সৰ বাবে হৈছে”,  ৱেবছাইটটো হেকড হোৱাৰ কথা অস্বীকাৰ কৰি এইদৰে কয় দিলীপ শইকীয়াই।

অৱশ্যে দিলীপ শইকীয়াৰ সেয়া অজ্ঞতাহে যে তাত সন্দেহ নাই। কাৰণ মেইনটিনেন্স কৰা দলৰ ৱেবছাইটত প্ৰধান মন্ত্ৰী মোদীক ব্যংগ কৰা ভিডিঅ’ যে নিদিয়ে সেয়া সাধাৰণতম জ্ঞান থকা লোকেও জানে।

Hello #ITCell on #BJP your official website hacked today pic.twitter.com/T9pu8xjCAV

— Elliot Anderson (@fs0c13ty_) March 5, 2019

উল্লেখ কৰিব পাৰি যে পুৱাতে ৱেবছাইটটোৰ হ’ম পেইজতে প্ৰধান মন্ত্ৰী মোদীয়ে জাৰ্মানীৰ চেন্সেলৰ এঞ্জেলা মাৰ্কেলৰ সৈতে কৰমৰ্দনৰ প্ৰয়াস কৰা এটা দৃশ্যৰ GIF প্ৰদৰ্শন হৈছিল। ভিডিঅ’টোত মোদীয়ে “Hello” বুলি কৈ কৰমৰ্দনৰ বাবে নিজৰ হাতখন আগ বঢ়াই দিয়ে, কিন্তু এঞ্জেলা মাৰ্কেলে “I have a boyfriend” বুলি কৈ কৰমৰ্দন কৰিবলৈ অস্বীকাৰ কৰে।

এই GIF -অৰ পিছত ৱেবছাইটটোৰ হোম পেইজত কুইন বেণ্ডৰ জনপ্ৰিয় “Bohemian Rhapsody” শীৰ্ষক গীতটোৰ এটা কাৰ্টুন দিয়া হয়।

তাৎপৰ্য্যপূৰ্ণভাৱে Elliot Anderson নামৰ এজন লোকে টুইটাৰত বিজেপিক জনাই যে তেওঁলোকৰ ৱেবছাইট হেকড কৰা হৈছে। “Hello #ITCell on #BJP your official website hacked today”, এইদৰে টুইট কৰে এণ্ডাৰছনে।

হেকাৰ বুলি অনুমান কৰা ব্যক্তিজনে ৱেবছাইটটো কোনে হেকড কৰিছে, কোন দেশৰ, হেকাৰৰ গ্ৰুপৰ নাম ক’বলৈ প্ৰত্যাহ্বান জনায়।

উল্লেখ কৰিব পাৰি যে পুলৱামা বোমা আক্ৰমণৰ পিছত ভাৰতৰ বহুতো হেকাৰে, বিশেষকৈ বিজেপিৰ সমৰ্থক হেকাৰে পাকিস্তানৰ বহুতো ৱেবছাইট হেকড কৰা বুলি খবৰ প্ৰচাৰিত হৈছিল।

আনহাতে ২০১৮ চনৰ এপ্ৰিলত ভাৰতৰো বহুকেইটা অফিচিয়েল ৱেবছাইট একে সময়তে অকামিলা হৈ পৰিছিল আৰু বিদেশৰ লোকৰ দ্বাৰা হেকড হোৱা বুলি সন্দেহ কৰা হৈছিল।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd