NORTHEAST NOW (Assamese)

অখিল গগৈয়ে যাকে সমৰ্থন কৰে, সিয়ে পৰাজয় বৰণ কৰে: ৰূপম গোস্বামী

April 18, 2019 4:01 pm · কল্পজ্যোতি শইকীয়া
বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

“অখিল গগৈয়ে যাকে সমৰ্থন কৰে, সিয়ে পৰাজয় বৰণ কৰে। তেওঁ পেছাদাৰী আন্দোলনকাৰী।” অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে এইদৰে মন্তব্য কৰে।

আজি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে লগতে কয়, ‘’ অখিল গগৈয়ে কংগ্ৰেছ দলৰ হৈ কাম কৰি আছে, সেয়া অসমৰ ৰাইজে জানে। কমিউনিজম কনচেপ্টটোৱেই বৰ্তমান ফেইলাৰ হৈছে সমগ্ৰ পৃথিৱীত।‘’

গোস্বামীয়ে কয়, ‘’আজি অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ পাঁচখন আসনতে ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সু নিশ্চিত। প্ৰধান মন্ত্ৰীয়ে সবকা সাথ সবকা বিকাশ নীতিৰে সমগ্ৰ ভাৰততে সকলোকে সংযোগ কৰিবলৈ সক্ষম হ’ল। ৰাজীৱ গান্ধীয়ে কৈছিল কেন্দ্ৰৰ পৰা সেই সময়ত ১ টকা পঠিয়ালে ৰাজ্যই ১৫ শতাংশ লাভ কৰিছিল। এতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত ১০০শতাংশই লাভ কৰে।‘’

তদুপৰি, ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে কয়, ‘’লোকপ্ৰিয় গোপীনাথ বৰদলৈক কংগ্ৰেছে সন্মান নিদিলে। বাজপেয়ীয়ে তেওঁক সন্মান জনালে ভাৰত ৰত্নৰে| মোদীয়ে সুধাকন্ঠক ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছে। কংগ্ৰেছে এগৰাকীকো সন্মান জনাব নোৱাৰিলে।‘’

কংগ্ৰেছে ভাৰতবৰ্ষক প্ৰকৃত স্বাধীনতা প্ৰদান কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতৰ প্ৰকৃত স্বাধীনতা অনাৰ চেষ্টা কৰিছে।

‘’কংগ্ৰেছে হতাশগ্ৰস্ত হৈ টিভিত বিজেপি মুৰ্দাবাদ ধ্বনি দিছে। এই বিষয়ত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ফালৰ পৰা মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে,’’-মুখপাত্ৰ গোস্বামীয়ে জানিবলৈ দিয়ে।

আনহাতে, ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে বিজেপিয়ে এন আৰ চি উন্নীতকৰণৰ কাম আৰম্ভ কৰিছে। এইক্ষেত্ৰত কংগ্ৰেছে বিফল হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যিক মুখপাত্ৰ গোস্বমীয়ে হিন্দু বাংলাদেশী অনা কথাটো এক অপপ্ৰচাৰ বুলি উল্লেখ কৰি এজনো হিন্দু বাংলাদেশী নাহে বুলিও মন্তব্য কৰে।

Related News