• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চাৰি ৰাজ্যত উৰিল বিজেপিৰ বিজয় পতাকা, বিৰোধীক বিধ্বস্ত কৰি পঞ্জাৱত আপ- ৰ নিৰকুংশ বিজয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2022 8:09 am
Assembly election result
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিষ্ঠানবিৰোধী ঢৌৰ পিছতো দেশত মাৰ যোৱা নাই বিজেপিৰ উদিত সূৰ্য। কালি ঘোষিত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত চাৰিখন ৰাজ্যতে বিজয়ৰ পতাকা উৰুৱালে বিজেপিয়ে।

উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু মণিপুৰত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগতে গোৱাত ২০ খন আসনেৰে শীৰ্ষত থাকে বিজেপি।

Apply Now

আনহাতে বিৰোধীক চূড়ান্ত ৰূপে বিধ্বস্ত কৰি পঞ্জাৱত ক্ষমতা দখল কৰিছে আম আদমী পাৰ্টীয়ে। ইপিনে এসময়ৰ প্ৰবল প্ৰতাপী কংগ্ৰেছ প্ৰায় ধূলিসাৎ হৈ পৰিল নিৰ্বাচনত।

ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে উত্তৰ প্ৰদেশত চৰকাৰ গঠনৰ বাবে সাজু হৈছে যোগী আদিত্যনাথ। ৪০৩ খন আসন সম্বলিত উত্তৰ প্ৰদেশ বিধান সভাত ২৭৪ খন আসন জয়েৰে ক্ষমতাৰ মনচদ দখল কৰিলে বিজেপিয়ে।

নিৰ্বাচনত এইবাৰ বিজেপি অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছিল। আনহাতে মূল্য বৃদ্ধি , নিবনুৱাৰ সংখ্যা বৃদ্ধি, কৃষক বিদ্ৰোহ ইত্যাদি কাৰণতো নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপি বিৰোধৰ সন্মুখীন হৈছিল।

ইয়াৰ পিছতো যোগী আদিত্যনাথৰ বিজেপিয়ে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰৰ গঠনৰ পথ মুকলি কৰে। অৱশ্যে পূৰ্বৰ তুলনাত বিজেপিৰ ৪৮ খন আসন হ্ৰাস পায়।

বিজেপিৰ প্ৰধান বিৰোধী সমাজবাদী পাৰ্টিয়ে ১২৪ খন আসনত জয়েৰে দ্বিতীয় স্থানত থাকে। কংগ্ৰেছে লাভ কৰে মাত্ৰ ২ খন আসন।

উত্তৰাখণ্ডটো ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপিয়ে। ৭০ খন আসনৰ ভিতৰত ৪৭ খনত জয়েৰে চৰকাৰ গঠনৰ পথ মুকলি কৰিলে শাসনাধিষ্ঠ বিজেপিয়ে।

অৱশ্যে বিজেপি জয়ী হ’লেও নিৰ্বাচনত পৰাস্ত হয় ৰাজ্যখনৰ বিদায়ী মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী। নিজ সমষ্টিত ধামী কংগ্ৰেছ প্ৰাৰ্থী ভূৱন চন্দ্ৰ কাপ্ৰীৰ বিপক্ষে প্ৰায় ৭০০০ ভোটত পৰাজিত হয়।

কালি ঘোষিত ফলাফল অনুসৰি আন এখন ৰাজ্য মণিপুৰতো বিজেপিয়ে ক্ৰমাৎ দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন নিশ্চিত কৰিছে। ৬০ খন আসন সম্বলিত মণিপুৰ বিধানসভাত বিজেপিয়ে ৩২ খন আসনত জয়েৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে।

অৱশ্যে উত্তৰ পূবৰ এই ৰাজ্যখনত পূৰ্বৰ বিজেপি চৰকাৰখনৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং পুনৰ মুখ্যমন্ত্ৰী হিচাপে থাকিব নে সেইয়া নিশ্চিত নহয়। প্ৰদেশ বিজেপিৰ প্ৰধান সাৰদা দেৱীয়ে নিৰ্বাচনত জয়ৰ পিছতে দলৰ হাইকমাণ্ডে মুখ্যমন্ত্ৰী বাচনি কৰিব বুলি ঘোষণা কৰিছে।

আনহাতে এইবাৰো ওলোমা চৰকাৰ গঠন হ’ব উপকূলীয় ৰাজ্য গোৱাত। ৪০ খন আসনৰ গোৱা বিধানসভাত ২০ খন আসনত জয়েৰে শীৰ্ষ স্থানত থাকিলেও সংখ্যাগৰিষ্ঠতা লাভত বিফল হয় বিজেপি। অৱশ্যে উপকূলীয় ৰাজ্যখনত বিজেপিয়েই চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে।

গোৱাৰ আঞ্চলিক দল এমজিপিয়ে বিজেপিক চৰকাৰ গঠনৰ বাবে সমৰ্থন জনাইছে।এমজিপিৰ সমৰ্থনৰ পাছত বিজেপি মিত্ৰশক্তিৰ আসনৰ সংখ্যা ২৫ খনলৈ বৃদ্ধি পাইছে।

ইতিপূৰ্বে নিৰ্বাচনত বিজয়ী হোৱা তিনি নিৰ্দলীয় প্ৰাৰ্থী- এণ্টোনিঅ’ ভাছ, চন্দ্ৰকান্ত শ্বেটি আৰু এলেক্স ৰেজিনাল্ডে বিজেপিক সমৰ্থন জনাইছে বুলি বিজেপিয়ে সদৰি কৰিছে।

গোৱা বিজেপিয়ে আজি সন্ধিয়া চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ কৰিব।

আনহাতে চাৰিখনকৈ ৰাজ্যত বিজেপিৰ বিজয়ৰ পৰিৱৰ্তে বিৰোধীক ধূলিসাৎ কৰি নিৰকুংশ বিজয়েৰে পঞ্জাৱ দখল কৰিছে আম আদমী পাৰ্টীয়ে।

যোৱাটো কাৰ্যকালত বিৰোধীৰ আসনত থকা আপে এইবাৰ চমকপ্ৰদ উত্থানেৰে ১১৭ খন আসনৰ পঞ্জাৱ বিধানসভাত ৯২ খন আসনতেই বিজয় সাব্যস্ত কৰে।

নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে কৰ্মময় ৰাজনীতিৰ এক নতুন ধাৰা গঢ়ি তোলা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে দিল্লীৰ পিছতে দ্বিতীয় খন ৰাজ্য হিচাপে পঞ্জাৱত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হ’ল।

আনহাতে ৰাজ্যখনত পূৰ্বৰ ক্ষমতাত থকা দল কংগ্ৰেছ এইবাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। আভ্যন্তৰীণ কন্দলে জুৰুলা কৰা কংগ্ৰেছে নিৰ্বাচনত সম্পূৰ্ণৰূপে মুখথেকেচা খায়।

ৰাজ্যখনৰ বিদায়ী মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চন্নী, প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী নৱজোৎ সিং সিদ্ধুৰ লগত প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, প্ৰকাশ সিং বাদলৰ দৰে হাইপ্ৰফাইল নেতাই নিৰ্বাচনত পৰাজয় বৰণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd