কয়লাক্ষেত্র পুনৰ মুকলি কৰাৰ দাবীত মাৰ্ঘেৰিটাত বি এম এছৰ অৱস্থান ধৰ্মঘট

a boris

উত্তৰ পূৱ কয়লা ক্ষেত্র পুনৰ মুকলি(উৎপাদন) কৰা আৰু শ্রমিক কৰ্মচাৰী  বদলিকৰণ প্রক্ৰিয়া বন্ধ কৰাৰ দাবীত পূৰ্বোত্তৰ খাদান মজদূৰ সংঘৰ ( বি এম এছ) উদ্যোগত আজি তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ন কৰে ।

  পুৱা দহ বজাৰ পৰা মাৰ্ঘেৰিটা নগৰস্থিত উত্তৰ পূৱ কয়লা ক্ষেত্ৰ, ক’ল ইণ্ডিয়াৰ মহাপ্রবন্ধকৰ কায্যালয় প্রবেশদ্বাৰৰ সন্মুখত ৰূপায়ন কৰা প্রতিবাদী কাৰ্যসূচীৰে শ্রমিক সংগঠনটোৱে মাৰ্ঘেৰিটা মহকুমাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰুপ  উত্তৰ পূৱ কয়লা ক্ষেত্রৰ উৎপাদন  পুনৰ আৰম্ভ কৰাৰ দাবী জনায় ।

শ্রমিক সংগঠনটোৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ড লৈ  বি এম এছ জিন্দাবাদ, উত্তৰ পূৱ কয়লা ক্ষেত্রৰ উৎপাদন পুনৰ আৰম্ভ কৰক, বদলি কৰণ নীতি বাতিল কৰক আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে । পাছত প্রতিবাদ কাৰী সকলে উত্তৰ পূৱ কয়লা ক্ষেত্রৰ মহাপ্রবন্ধকৰ হাতত দুই দফীয়া দাবী  সম্বলিত এখন স্মাৰক পত্র প্রদান কৰে ।

বি এম এছৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱাৰ নেতৃত্বত হোৱা প্রতিবাদ স্থলীত  ভালে সংখ্যক শ্রমিক কৰ্মচাৰীয়ে অংশ গ্রহণ কৰে । উল্লেখ্য যে যোৱা তিনি জুনৰ পৰা উত্তৰ পূৱ কয়লা ক্ষেত্রৰ উৎপাদন বন্ধ হৈ আছে ।

ইয়াৰ মাজতে অক্টোবৰ বা নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা উত্তৰ পূৱ কয়লা ক্ষেত্ৰ পুনৰ মুকলি হ’ব বুলি ডিব্ৰুগড় সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত বীৰ দ্ৰৰ্পে ঘোষনা কৰিছিল যদিও সকলোবোৰ ফুটুকাৰ ফেন হোৱাত আজিৰ প্ৰতিবাদৰ পূৰ্বেও বহুকেইটা  কেইটা প্ৰতিবাদ বিভিন্ন দল সংগঠনে মাৰ্ঘেৰিটাত ৰূপায়ণ কৰি আহিছে যদিও আজি পৰ্য্যন্ত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ তথা ক’ল ইণ্ডিয়াৰ শীৰ্ষ নেতৃত্বই কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰাত উত্তৰ পূৰ্বাঞ্চলৰে এক বৃহৎ কয়লা উদ্যোগৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি হোৱাৰ লগতে উজনি অসমৰ তিনিচুকীয়া জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে।