উত্তৰ প্ৰদেশৰ চুলতানপুৰ-পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত শনিবাৰে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। বিএমডব্লিউ আৰু কণ্টেইনাৰৰ মাজত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জন বিএমডব্লিউ আৰোহীৰ মৃত্যু হৈছে।
কন্টেইনাৰ ট্ৰাকখন বিএমডব্লিউ গাড়ীৰ ওপৰত উঠি যোৱাৰ ফলতে দুৰ্ঘটনাটো ঘটে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে।
বাতৰি অনুসৰি, গাড়ীখন চুলতানপুৰৰ ফালে গৈ আছিল আৰু লক্ষ্ণৌৰ পৰা একেটা ৰাস্তাত অহা কণ্টেইনাৰখনে ইয়াক খুন্দা মাৰিছিল। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ ইঞ্জিন আৰু চাৰিজন লোক ছিটিকি গৈছিল। এজনৰ মূৰ ডিঙিৰ পৰা বিছিন্ন হৈ পৰে আৰু গাড়ীখন ছিন্ন ভিন্ন হৈ পৰে।
গাড়ীখনত ইউ কে ০১ চি ০০০৯ নম্বৰ লিখা আছিল আৰু তালৈ চাই গাড়ীখন উত্তৰাখণ্ডৰ বুলি জানিব পৰা যায়। মৃতসকলৰ ভিতৰত এগৰাকী আছিল চিকিৎসক।
জানিব পৰা মতে, নিহতসকলৰ মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ দিয়া হয় আৰু পৰিয়ালটোক ঘটনাটো অৱগত কৰা হয়। মৃতকেইজনৰ সকলোৱে উত্তৰাখণ্ডৰ বাসিন্দা।
তেওঁলোকৰ ভিতৰত আনন্দ প্ৰকাশ আৰু ডাঃ নিৰ্মল সিং বিহাৰ জিলাৰ দেহৰি আনচুনৰ বাসিন্দা। সেইদৰে,অখিলেশ সিং ঔৰঙ্গাবাদ বিহাৰৰ বাসিন্দা। আনহাতে, দীপক কুমাৰ বিহাৰৰ ঔৰঙ্গাবাদৰ বাসিন্দা। চতুৰ্থ ব্যক্তিজনৰ নাম মুকেশ।
বিএমডব্লিউ গাড়ীৰ মালিক জিন্দল পাব্লিক স্কুল, টালি ৰিভনি, মাঝানি, ৰাণী খেত আলমোৰাৰ বুলি জানিব পৰা গৈছে। কন্টেইনাৰখনৰ গৰাকীৰ নাম কাইয়ুম। তেওঁ মহল্লা মণিহৰণ মোৰাদাবাদৰ বাসিন্দা।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিএমডব্লিউখন ২৩০ কিলোমিটাৰ গতিবেগত আছিল। সেয়ে প্ৰচণ্ড জোৰেৰে কন্টেইনাৰখনত খুন্দা মাৰি গাড়ীখন ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল।