DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়ো উইমেন জাষ্টিছ ফ’ৰামৰ নেত্ৰী অঞ্জলি দৈমাৰীৰ বিপিএফত যোগদান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 2:27 pm
অঞ্জলি দৈমাৰী

অঞ্জলি দৈমাৰী।

248
VIEWS
Share on FacebookShare on Twitter

বড়ো উইমেন জাষ্টিছ ফ’ৰামৰ নেত্ৰী অঞ্জলি দৈমাৰীয়ে বড়োলেণ্ড পিপুলছ ফ্ৰন্ট (বিপিএফ)ত যোগদান কৰিছে।

সোমবাৰে দৈমাৰীয়ে আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে।

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰিহন দৈমাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি বিপিএফৰ শীৰ্ষনেতৃত্বৰ উপস্থিতি দৈমাৰী দলটোত যোগদান কৰে।

অঞ্জলি দৈমাৰীয়ে বড়োসকলৰ সংগ্ৰামৰ বিভিন্ন পৰ্যায়ত সৰৱ ভূমিকাত অৱতীৰ্ণ হৈছিল।

১৯৯২ চনত দৈমাৰীয়ে বড়ো উইমেন জাষ্টিছ ফ’ৰাম গঠন কৰি বড়ো জনগোষ্ঠীৰ মাজত তেওঁলোকৰ অধিকাৰক লৈ সজাগ কৰাৰ কামত আত্মনিয়োগ কৰিছিল।

বড়ো উইমেন জাষ্টিছ ফ’ৰাম যদিও মহিলা সংগঠন, তথাপি ই গোটেই জনগোষ্ঠীটোৰ সমস্যাৰ ওপৰত মাত মাতি আহিছে।

১৯৯৩ চনত অঞ্জলি দৈমাৰী টাডা আইনৰ অধীনত গ্ৰেপ্তাৰো হৈছিল।

মানৱ অধিকাৰ সম্পৰ্কীয় বিষয়ত সৰৱ হৈ অহা অঞ্জলি দৈমাৰীয়ে বিপিএফত যোগদান কৰি সক্ৰিয় ৰাজনীতিত বিশেষ ভূমিকা পালন কৰিব পাৰে।

অৱশ্যে, অঞ্জলি দৈমাৰীৰ হাগ্ৰামা মহিলাৰী নেতৃত্বৰ বিপিএফৰ সৈতে পূৰ্বে মধুৰ সম্পৰ্ক নাছিল যদিও পৰিৱৰ্তিত পৰিস্থিতিত বড়োলেণ্ডৰ ৰাজনীতিত আৰম্ভ হোৱা নতুন সমীকৰণলৈ লক্ষ্য ৰাখি তেওঁৰ বিপিএফত যোগদান গুৰুত্বপূৰ্ণ হ’ব বুলিয়েই বিবেচিত হৈছে।

বি পি এফত যোগ দিয়া সন্দৰ্ভত অঞ্জলী দৈমাৰীয়ে আমাৰ সাংবাদিকক কয়, ‘‘মোৰ কোনো পদ-বাব আদিৰ লালসা নাই, বি পি এফত যোগ দিয়াৰ বাবে কোনো পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্তও নাছিল। বি পি এফৰ ফালৰ পৰা মোক যোগদানৰ বাবে অনুৰোধ জনাইছিল। যোৱা ২৮ বছৰ ধৰি মানৱ অধিকাৰ তথা নাৰীৰ অধিকাৰৰ বাবে কাম কৰি আহিছো। মই ৰাইজৰ বাবে কাম কৰিব বিচাৰো। কিন্তু সামাজিক সংগঠনত থাকি কিছুমান কাম কৰা সম্ভব নহয়, গতিকে এতিয়া সক্ৰিয় ৰাজনীতিত থাকি ৰাইজক সেৱা কৰিব বিচাৰিছো।’’

ইফালে বি টি চিৰ নিৰ্বাচন সমাগত, তেনে সময়ত অঞ্জলী দৈমাৰীৰ দৰে এগৰাকী নেত্ৰীৰ যোগদান তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। বি পি এফত যোগ দি দৈমাৰীয়ে বিটিচি নিৰ্বাচনৰ বাবে দলে তেওঁক যি ধৰণেৰে দায়িত্ব দিয়ে সেয়া সম্পূৰ্ণ দলীয় অনুশাসন মানি পালন কৰি যাব বুলি মন্তব্য কৰে।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd