NORTHEAST NOW (Assamese)

অৰুণাচলৰ পৰা নাগালেণ্ডলৈ চোৰাংভাৱে বিক্ৰীৰ বাবে অনা সুৰা বোকাখাতত জব্দ

August 23, 2018 8:26 pm · উত্তম শইকীয়া
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বোকাখাত নগৰৰ মাজ মজিয়াত বোকাখাত আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ সহযোগত আজি পুৱা চোৰাংকৈ সুৰা সৰবৰাহ কৰা এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। লগতে গাড়ীখনৰ চালক আৰু হেণ্ডিমেনকো আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে বান্দৰদেৱাৰ পৰা গোলাঘাটৰ মেৰাপানীলৈ বুলি চোৰাংভাৱে কঢ়িয়াই অনা অৱস্থাত বোকাখাত আৰক্ষীয়ে সুৰা ভৰ্তি ২০৭ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ আধাৰত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ জ্যোতি বৰাৰ সহযোগত বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ তৎপৰতাত অভিযানকাৰী দলে এই অভিযান চলায়।

আটকাধীন ট্ৰাকখনৰ চালক বিপিন মুণ্ডাই দিয়া স্বীকাৰোক্তি মতে বান্দৰদেৱাৰ পৰা ৬০ কেচ চোৰাংভাৱে ৰাম আৰু ১৯ কেচ সুৰা অতি কৌশলেৰে আনিছিল। লগতে চালক জনে অৰুণাচলৰ পৰা অনা এই সুৰা অতি সংগোপনেৰে নাগালেণ্ডলৈ প্ৰেৰণ কৰিবলৈ আনিছিল বুলিও উল্লেখ কৰে।

ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষী থানাত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক জেৰা কৰি অধিক তথ্যৰ বাবে বোকাখাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ইফালে আজি আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ মালিক মেৰাপানীৰ ডিপু ৰঞ্জন দাস বুলি জানিব পৰা গৈছে ৷ আৰু ট্ৰাকখনৰ পৰা জব্দ কৰা সুৰাৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখতকৈ অধিক হ’ব বুলি জানিব পৰা গৈছে ৷

Related News