NORTHEAST NOW (Assamese)

গৰ্ভধাৰণ নকৰাকৈ মাতৃ হ’ল বলিউদৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টী

March 3, 2020 8:05 am · এন ই নাও নিউজ
Updated: March 4, 2020 3:30 pm

বলীউদৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টী পুনৰ এবাৰ মাতৃ হ’ল।

কিন্তু আপুনি জানি আচৰিত হ’ব যে শিল্পা ছেট্টীয়ে এইবাৰ গৰ্ভধাৰণ নকৰাকৈ মাতৃ হ’ল।

পিছে কেনেকৈ!!

বাতৰিৰ মতে শিল্পাই এইবাৰ চাৰ’গেছি মাতৃৰ দ্বাৰা এগৰাকী কন্যা সন্তানৰ মাতৃ হৈছে।

অৰ্থাৎ শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই আনৰ গৰ্ভত তেওঁলোকৰ কন্যা সন্তানটি গৰ্ভধাৰণ কৰোৱাই জন্ম দিছে।

যোৱা ১৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছে কন্যা নৱজাতকটিয়ে।

বলীউদৰ অভিনেত্ৰীগৰাকীয়ে এই কন্যা শিশুটিৰ নাম দিছে জুনিয়ৰ এছ এছ কে। অৰ্থাৎ শিশুটিৰ নাম হ’ব শমীষা ছেট্টী কুন্দ্ৰা। উল্লেখ্য যে, শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ এটি পুত্ৰ সন্তান আছে আৰু পুত্ৰ সন্তানটিক শিল্পাই নিজে গৰ্ভধাৰণ কৰি জন্ম দিছিল।

Related News