বঙাইগাঁৱত কিদৰে চলিছে নিৱনুৱাক সংস্থাপিত কৰাৰ কাম,বুজ ল’লে উপায়ুক্ত লক্ষ্মীপ্ৰিয়াই

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই শুকুৰবাৰে তেওঁৰ কাৰ্যালয় কক্ষত কেবাটাও বিভাগৰ বিষয়াৰ সৈতে বিভাগীয় উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে।

জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস আৰু সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিতৰ উপস্থিতিত উপায়ুক্তগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ বঙাইগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ বঙাইগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক, জিলা মীন উন্নয়ন বিষয়া, হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ বঙাইগাঁৱৰ অধীক্ষক, ভূমি সংৰক্ষণ তথা জিলা পশুপালন বিষয়াৰ পৰা তেওঁলোকৰ বিভাগীয় উন্নয়নমূলক কাম-কাজৰ বিষয়ে বুজ লয়।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ প্ৰকল্প প্ৰবন্ধকে জনোৱা মতে বঙাইগাঁৱত চেনিটাৰী নেপকীন বনোৱা প্ৰশিক্ষণ এটি অচিৰেই অনুষ্ঠিত কৰা হ’ব।

ইয়াৰ বাবে নাবাৰ্ডে এটি মেচিন আৰু যাৱতীয় খৰচ প্ৰদান কৰিব। আনহাতে গ্ৰামীণ জীৱিকা মিছনৰ অধীনত ৯০ গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক গাহৰি পালনৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব।

গাঁও এলেকাৰ ৬০ গৰাকী আৰু চহৰ এলেকাৰ ৩০গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক তিনিটা গ্ৰুপত ভাগ কৰি ১৫ দিনীয়াকৈ মুঠ ৪৫ দিন এই প্ৰশিক্ষণ দিয়া হ’ব।

জিলাখনৰ ডাংতল, সৃজনগ্ৰাম আৰু মাণিকপুৰ উন্নয়ন খণ্ডত এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ’ব আৰু পশুপালন বিভাগৰ বিশেষজ্ঞই প্ৰশিক্ষণ দিব। আনহাতে নগৰীয়া জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধকে জনোৱা মতে PM-SVANidhi আঁচনিৰ অধীনত জিলাখনৰ চহৰাঞ্চলৰ ৭৫৮ গৰাকী পদপথৰ ব্যৱসায়ীক এতিয়ালৈকে ১০,০০০ (দহ হেজাৰ) টকাকৈ প্ৰদান কৰা হৈছে।

এইক্ষেত্ৰত জিলাখনে অসমৰ ভিতৰতে এটা উল্লেখযোগ্য স্থানত আছে। তদুপৰি বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱীত শুকুৰবাৰৰ পৰা ৩দিনীয়াকৈ চহৰখনৰ ৩০ গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক অতিথি আপ্যায়ণ সন্দৰ্ভত (Catering) প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

সভাত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই মীন বিভাগৰ অধীনত বঙাইগাঁও ইকো-পাৰ্কত বনাই থকা পাব্লিক একুৱাৰিয়ামৰ কামৰ বুজ লয় আৰু জিলা মীন উন্নয়ন বিষয়াক সংশ্লিষ্ট সকলো কাম ভালদৰে তদাৰক কৰিবলৈ কয়।

ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াৰ সৈতে হস্ততাঁত-বস্ত্ৰশিল্প,ভূমি সংৰক্ষণ,পশুপালন আদি বিভাগৰ কামৰো পৰ্যালোচনা কৰে।