• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰীতিৰেখা ভূঞাৰ দুখন গ্ৰন্থ ‘কামাখ্যাঃ নীলাচলত প্ৰকৃতিৰ সন্ধান’ আৰু ‘নিৰ্যাতিত পুৰুষ, আধুনিক অভিমন্যু আৰু অন্যান্য’ উন্মোচন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 2, 2022 8:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখিকা-সাংবাদিক প্ৰীতিৰেখাৰ ভূঞাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়৷ সাংবাদিকগৰাকীয়ে অসসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ লাভ কৰি কৰা গৱেষণামূলক অধ্যয়নৰ ফচল ‘কামাখ্যাঃ নীলাচলত প্ৰকৃতিৰ সন্ধান’ আৰু প্ৰবন্ধ সংকলন ‘নিৰ্যাতিত পুৰুষ, আধুনিক অভিমন্যু আৰু অন্যান্য’ গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক সমালোচক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মা, সাহিত্য অকাদেমি বঁটাপ্ৰাপক ঔপন্যাসিক, সাতসৰী আৰু সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই৷

‘কামাখ্যাঃনীলাচলত প্ৰকৃতিৰ সন্ধান’ সন্দৰ্ভত অনুৰাধা শৰ্মা পূজাৰীয়ে কয়– ‘প্ৰীতিৰ এই গ্ৰন্থখনে এটা নতুন বাট সৃষ্টি কৰিছে৷ ইয়াৰ আগতে নীলাচলৰ প্ৰকৃতিক লৈ বিশেষ কাম হোৱা নাই৷ গতিকে প্ৰীতিৰেখাৰ এই গ্ৰন্থখন অতি গুৰুত্বপূৰ্ণ৷ ঘৰৰ কোঠাৰ ভিতৰত বহি এনে এখন গ্ৰন্থ লিখা সম্ভৱ নহয়৷ পৰ্বত-পাহাৰ বগাই, বিভিন্নজনক লগ কৰি অনুসন্ধানমূলকভাৱে তেওঁ কিতাপখন লিখিছে৷’ প্ৰীতিৰেখাৰ আনখন গ্ৰন্থ ‘নিৰ্যাতিত পুৰুষ, আধুনিক অভিমন্যু আৰু অন্যান্য’ সন্দৰ্ভত অকাদেমি বঁটা বিজয়ী লেখিকাগৰাকীয়ে কয়, ‘এই গ্ৰন্থখনত বিভিন্ন বিষয় একত্ৰিত হৈছে৷ কেতিয়াবা যদি নিৰ্যাতিত পুৰুষৰ কথা কোৱা হৈছে, আন কেতিয়াবা আধুনিক অভিমন্যুৰ কথা কৈছে৷’ সাহিত্যিক-সমালোচক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাই কামাখ্যা বিষয়ক গ্ৰন্থখন সন্দৰ্ভত কয়– ‘মই নীলাচলক লৈ লেখিকাগৰাকীতকৈ বেছি জনা বুলি ভাবিছিলোঁ, কিন্তু তেওঁৰ কিতাপখন পঢ়ি উঠি দেখিলোঁ আচলতে মই কামাখ্যা-নীলাচলৰ বিষয়ে একোৱেই জনা নাছিলোঁ৷ প্ৰীতি যে এগৰাকী সাংবাদিক তথা মননশীল লেখিকা তেওঁৰ এই দুয়োখন গ্ৰন্থই প্ৰমাণ কৰে৷’ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়– ‘কামাখ্যা-নীলাচলক লৈ লিখা প্ৰীতিৰেখাৰ এইখন এখন অসাধাৰণ গ্ৰন্থ৷’ অনুষ্ঠানত জনপ্ৰিয় কবি নীলিম কুমাৰেও গ্ৰন্থ দুখনৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ অনুষ্ঠানটোৰ আঁত ধৰে গল্পকাৰ জিন্তু গীতাৰ্থই৷

Apply Now

দীৰ্ঘদিন ধৰি সাংবাদিকতা আৰু সাহিত্য কৰ্মৰ সৈতে জড়িত হৈ থকা লেখিকা প্ৰীতিৰেখা ভূঞাই এই গ্ৰন্থ দুখনত তেওঁৰ গভীৰ গৱেষণালব্ধ তথ্যপাতি আৰু উপলব্ধিক প্ৰতিভাত কৰিছে৷ পৰিৱেশ সংৰক্ষণৰ দৰে এতিয়া বহু চৰ্চিত বিষয় এটাক মূল উপজীব্য হিচাপে লৈ তেওঁ ৰচনা কৰিছে ‘কামাখ্যাঃ নীলাচলত প্ৰকৃতিৰ সন্ধান’ নামৰ গ্ৰন্থখন৷ সাম্প্ৰতিক সময়ৰ একধৰণৰ সংকটৰ গৰাহত পৰা প্ৰকৃতি আৰু প্ৰকৃতিৰ স্বাভাৱিক গতি প্ৰৱাহৰ বিনষ্টতাৰ বাবে যে মূলত মানুহেই দায়ী সেই ধাৰণা মূল উপজীৱ্য হিচাপে লৈ লেখিকা ভূঞাই অসমৰ এখন পৱিত্ৰ পীঠস্থান কামাখ্যাৰ ঐতিহ্য আৰু ইয়াৰ পৰিৱৰ্তনক অনুধাৱন কৰাৰ চেষ্টা কৰিছে৷ মূলতঃ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ অধ্যয়ন আৰু ক্ষেত্ৰ ভিত্তিক গৱেষণাৰ জৰিয়তে তেওঁ লাভ কৰা অভিজ্ঞতা আৰু ভালেমান উদ্বেগজনক গুৰুত্বপূৰ্ণ তথ্য গ্ৰন্থখনত তুলি ধৰিছে৷ বিশ্ব প্ৰকৃতিৰ সংকটে মানৱ মানৱ জাতিলৈ কঢ়িয়াই অনা সংকটৰ প্ৰসংগৰপৰা আৰম্ভ কৰি আমাৰ নিচেই চিনাকি কামাখ্যা ধাম আৰু নীলাচলৰ চৌপাশৰ পৰিৱেশ কিদৰে সলনি হৈছে আৰু মানুহৰ নীৰৱ আগ্ৰাসনে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিছে তাক তেওঁ তথ্যসহকাৰে বিশ্লেষণ কৰিছে এই গ্ৰন্থখনত৷ অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপৰ বাবে এই বিষয়টো সন্দৰ্ভত গৱেষণা কৰা লেখিকা ভূঞাই নীলাচলৰ প্ৰকৃতি, কামাখ্যাৰ ঐতিহ্যক অনুভাৱন কৰাৰ চেষ্টা কৰিছে আৰু তাৰ সংকটবোৰ নিৰসনৰ পথৰো সন্ধান কৰিছে৷ মানুহৰ আগ্ৰাসনৰ লগে লগে অইন জীৱ কুললৈ অহা সংকট আৰু  পৱিত্ৰ পীঠখনলৈ অহা সংকটৰ কথাও তথ্যসহকাৰে দাঙি ধৰিছে লেখিকাই৷

আনহাতে, তেওঁৰ আনখন গ্ৰন্থ ‘নিৰ্বাতিত পুৰুষ, আধুনিক অভিমন্যু আৰু অন্যান্য’ত তেওঁ গভীৰ সংবেদনশীলতাৰে ভালেমান স্পৰ্শকাতৰ বিষয়ক তুলি ধৰিছে৷ বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ সংকলন এই গ্ৰন্থখনত ‘সুখৰ সন্ধান’, ‘আধুনিক অভিমন্যু’, ‘নিৰ্যাতিত পুৰুষ আৰু নাৰীবাদত গ্লেমাৰ’, বতাহত নীৰৱ ঘাতক’, ‘যৌৱন ঘূৰাই দিয়া চিকিৎসকগৰাকী’, ‘শাৰীৰিক প্ৰত্যাহ্বান যেতিয়া জীৱন জিনাৰ পথ হয়’ আদিৰ দৰে ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আৰু তিনিটা অনুবাদ লেখাও সন্নিৱিষ্ট কৰা হৈছে৷ সাংবাদিকতাৰ অভিজ্ঞতা আৰু এগৰাকী সৃজনশীল লেখকৰ সংবেদনশীলতাই এই গ্ৰন্থখনক অতুলনীয় বিচিত্ৰতা দান কৰিছে৷ গ্ৰন্থ দুখন প্ৰকাশ কৰিছে অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘অসম বুক ট্ৰাষ্টে’৷ উল্লেখ্য যে প্ৰীতিৰেখা ভূঞাই ‘নিয়মীয়া বাৰ্তা’, ‘অসমীয়া প্ৰতিদিন’ কাকতত প্ৰত্যক্ষভাৱে সাংবাদিকতাৰ সৈতে জড়িত হোৱাৰ লগতে আন কাকত-আলোচনীতো নিয়মিয়াকৈ বিভিন্ন বিষয় আৰু শৈলীৰ লেখা লিখি আহিছে৷ প্ৰথিতযশা সাংবাদিক, লেখক, সম্পাদক হোমেন বৰগোহাঞিৰ সৈতে দীঘলীয়া সময় সম্পাদনা সহকাৰী হিচাপে কাম কৰাৰ অভিজ্ঞতা আহৰণ কৰা প্ৰীতিৰেখা ভূঞাই নিয়মীয়া কাকতত ‘তিনিটা প্ৰশ্ন’ নামেৰে নিয়মীয়াকৈ এটা জনপ্ৰিয় শিতান পৰিচালনা কৰিছিল৷ সংস্কৃত বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী লেখিকাগৰাকীয়ে এগৰাকী গৱেষক হিচাপেও কৰ্মৰত হৈ আছে৷

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd