• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2022 1:22 pm
Boris Johnson Gets Chased By Police
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত চলি আছে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট। দেওবাৰে টেষ্টখনৰ চতুৰ্থ দিনা ষ্টেডিয়ামৰ গেলাৰীত দেখিবলৈ পোৱা যায় এক আশ্চৰ্যকৰ দৃশ্য। আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ গেলাৰীৰ সন্মুখেৰে দৌৰ লগাইছে খোদ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আৰু তেওঁক ধৰিবলৈ পিছে পিছে দৌৰিছে আৰক্ষীৰ এটা দল।

স্বাভাৱিকতে এই সমগ্ৰ ঘটনাই সকলোকে হতচকিত কৰি তুলিছে। খোদ ইংৰাজ প্ৰধানমন্ত্ৰীয়েই এইদৰে আৰক্ষীৰ পৰা বাচিবলৈ পলায়ন কৰাটো একপ্ৰকাৰে আশ্চৰ্যজনক। পিছে ঘটনাটোত এক টুইষ্ট আছে।

Apply Now

সম্প্ৰতি ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখিবলৈ পোৱা বৰিছ জনছন প্ৰকৃততে আচল গৰাকী নহয়। জনছনৰ দৰে বেশ-ভূষাত এইয়া এগৰাকী সাধাৰণ নাগৰিকহে। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী গৰাকীৰ দৰে একে পোছাক পৰিধান কৰি এটা বগা উইগ লগাই এই লোকজনে জনছনৰ বিৰুদ্ধে এক প্ৰতীকি প্ৰতিবাদহে সাব্যস্ত কৰিছিল।

জনছনৰ দৰে সাজিকাচি গেলাৰীৰ সন্মুখভাগেৰে দৌৰ দিয়া এই নকল জনছনক ধৰিবলৈ পিছে পিছে খেদি যোৱা আৰক্ষীৰ দলটোও নকল। আৰক্ষীৰ পোছাক পিন্ধা এই লোককেইজন নকল জনছনৰে বন্ধু।

 

Boris Johnson being chased by a group of policemen 😂😂😂

📹 @turpinmodernist #ENGvNZ pic.twitter.com/9R7lW2TUu9

— England’s Barmy Army (@TheBarmyArmy) June 25, 2022

ব্ৰেটেইনৰ অনলাইন কাকত ইণ্ডি ১০০-এ প্ৰকাশ কৰা মতে শেহতীয়া পাৰ্টিগেট কেলেংকাৰী অপৰাধৰ সৈতে সাঙুৰ খাই পৰা প্ৰধানমন্ত্ৰী বৰিছ জনছনক উপহাস কৰাৰ অৰ্থে এই প্ৰতীকি প্ৰতিবাদ কৰা হৈছে। ক’ভিদ মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ক’ভিদ আইন ভংগ কৰি জনছনে জন্মদিনৰ অনুষ্ঠান আয়োজন কৰিছিল।

জনছনৰ এই অনুষ্ঠানত ছয়গৰাকী অতিথিও উপস্থিত আছিল। ক’ভিদ আইন ভংগ কৰি এইদৰে জন্মদিন উদযাপন কৰাৰ বাবে মেট্ৰ’পলিটান পুলিচে জনছনৰ বিৰুদ্ধে তদন্তও কৰিছিল। আনকি ২০২০ চনৰ এই জন্মদিনৰ পাৰ্টিৰ বাবে জনছনক জৰিমনাও বিহা হৈছিল।

এই আইন ভংগকাৰী অপৰাধৰ পিছত ইংলেণ্ড প্ৰধানমন্ত্ৰী গৰাকী এই মাহৰ আৰম্ভণিতে অনাস্থা ভোটৰ সন্মুখীন হৈছিল। অৱশ্যে অনাস্থা ভোটত জয়লাভেৰে নিজৰ পদবী অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় জনছন।

জনছনৰ এই অপৰাধক উপহাস কৰিয়ে দেওবাৰে হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত এইদৰে বৰিছ জনছনক আৰক্ষীয়ে খেদি যোৱাৰ দৰে প্ৰতীকি ৰূপত দেখুওৱাই লোক কেইজনে। তেওঁলোকৰ এই নাটকীয় ভাৱ-ভংগী ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকসকলে খুবেই উপভোগ কৰে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই হাস্যকৰ ভিডিঅ’টোত স্পষ্টৰূপত শুনিবলৈ পোৱা যায় ষ্টেডিয়ামত উপস্থিত দৰ্শকৰ হৰ্ষোল্লাস। টুইটাৰত সম্প্ৰতি এই ভিডিঅ’টো লক্ষাধিক দৰ্শকে উপভোগ কৰাৰ লগতে টুইটাৰ ব্যৱহাৰকাৰীসকলে ৰসাল মন্তব্যৰে ভৰাই তুলিছে কমেণ্ট বক্স।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd