NORTHEAST NOW (Assamese)

কোকৰাঝাৰত বি পি এফ বা নৱ শৰণীয়া কংগ্ৰেছৰ বাবে ফেক্টৰ নহয় : দূৰ্গাদাস বড়ো

September 11, 2018 9:32 pm · ৰিনয় বসুমতাৰী

‘কোকৰাঝাৰ লোকসভা সমষ্টিত বি পি এফ বা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া কংগ্ৰেছৰ বাবে ফেক্টৰ নহয়।’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দূৰ্গাদাস বড়োৰ। আজি কোকৰাঝাৰ জিলা কংগ্ৰেছ ভৱনত আয়োজিত এক সংবাদমেলত বড়োৱে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত কাৰো সতে বুজাপৰা নহয় বুলি সদৰী কৰে।

বিজেপি আৰু বি পি এফক দূৰ্নীতিগ্ৰস্থ দল বুলি চোকা সমালোচনা কৰি তেওঁ বি পি এফ দলৰ সৈতে কংগ্ৰেছৰ এক দীঘলীয়া তিক্ত অভিজ্ঞতা আছে বুলি মন্তব্য কৰাৰ লগতে কোনো কাৰণতে কংগ্ৰেছে বি পি এফৰ সৈতে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দিয়ে।

তদুপৰি, বি পি এফৰ দুগৰাকী নিৰ্বাচিত সদস্যই ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে আৰু আন ৪-৫ গৰাকী সদস্যই কংগ্ৰেছত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে বুলি সদৰি কৰি বড়োৱে নৱ কুমাৰ শৰণীয়াক বিজেপিৰ বি টীম বুলি অভিহিত কৰে।

আনহাতে, বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰকৃততে মিত্ৰতাৰ আচিলা লৈ বি টি এ ডিত আন দলসমূহক কলিতে ধ্বংস কৰিছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায়।

ইয়াৰ উপৰি তেওঁ ৰাফেল বিমান ক্ৰয়ৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দূৰ্নীতি কৰাৰ তথ্য উদঙাই দি বিজেপিয়ে জনতাক মাধমাৰ সোধাইছে বুলি অভিযোগ কৰে আৰু বিজেপিৰ দিন চমু চাপিছে আহিছে বুলি মন্তব্য কৰে।

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যত সৰ্বাধিক আসন লাভ কৰিব বুলিও দাবী কৰে দূৰ্গাদাস বড়োই। আজিৰ সংবাদমেলত অসম প্ৰদেশ কমিটিৰ সম্পাদক বিশ্বজিৎ ৰায়কে ধৰি আন কেবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে।

Related News