• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বি পি এফ বা নৱ শৰণীয়া কংগ্ৰেছৰ বাবে ফেক্টৰ নহয় : দূৰ্গাদাস বড়ো

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , September 11, 2018 9:32 pm

2 min read

Congress press meet at Kokrajhar
276
VIEWS
Share on FacebookShare on Twitter

‘কোকৰাঝাৰ লোকসভা সমষ্টিত বি পি এফ বা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া কংগ্ৰেছৰ বাবে ফেক্টৰ নহয়।’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দূৰ্গাদাস বড়োৰ। আজি কোকৰাঝাৰ জিলা কংগ্ৰেছ ভৱনত আয়োজিত এক সংবাদমেলত বড়োৱে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত কাৰো সতে বুজাপৰা নহয় বুলি সদৰী কৰে।

বিজেপি আৰু বি পি এফক দূৰ্নীতিগ্ৰস্থ দল বুলি চোকা সমালোচনা কৰি তেওঁ বি পি এফ দলৰ সৈতে কংগ্ৰেছৰ এক দীঘলীয়া তিক্ত অভিজ্ঞতা আছে বুলি মন্তব্য কৰাৰ লগতে কোনো কাৰণতে কংগ্ৰেছে বি পি এফৰ সৈতে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দিয়ে।

তদুপৰি, বি পি এফৰ দুগৰাকী নিৰ্বাচিত সদস্যই ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে আৰু আন ৪-৫ গৰাকী সদস্যই কংগ্ৰেছত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে বুলি সদৰি কৰি বড়োৱে নৱ কুমাৰ শৰণীয়াক বিজেপিৰ বি টীম বুলি অভিহিত কৰে।

আনহাতে, বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰকৃততে মিত্ৰতাৰ আচিলা লৈ বি টি এ ডিত আন দলসমূহক কলিতে ধ্বংস কৰিছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায়।

ইয়াৰ উপৰি তেওঁ ৰাফেল বিমান ক্ৰয়ৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দূৰ্নীতি কৰাৰ তথ্য উদঙাই দি বিজেপিয়ে জনতাক মাধমাৰ সোধাইছে বুলি অভিযোগ কৰে আৰু বিজেপিৰ দিন চমু চাপিছে আহিছে বুলি মন্তব্য কৰে।

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যত সৰ্বাধিক আসন লাভ কৰিব বুলিও দাবী কৰে দূৰ্গাদাস বড়োই। আজিৰ সংবাদমেলত অসম প্ৰদেশ কমিটিৰ সম্পাদক বিশ্বজিৎ ৰায়কে ধৰি আন কেবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd