বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ (বিপিএফ) সপক্ষেই সংখ্যাগৰিষ্ঠ জনতাই ৰায়দান কৰিলে। দলটোৱে নিৰকংকুশ সংখ্যাগৰিষ্ঠতাৰে ২৮খন আসন লাভ কৰে।
ইপিনে, এই নিৰ্বাচনত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল)য়ে ৭খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিয়ে ৫খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয়।
এই নিৰংকুশ বিজয়ে বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক পুনৰুত্থানৰ সূচনা কৰিলে। পাঁচ বছৰ শাসন-ক্ষমতাৰ পৰা আঁতৰি থকাৰ পিছত ৰাজনৈতিক পৰাক্ৰমেৰে তেওঁৰ উভতি অহাৰ সংকেত দিছে।
বহুতৰে বাবে বড়োভূমিৰ এই ফলাফল কেৱল সংখ্যাৰ কথা নহয় বৰঞ্চ পৰিচয়, আত্মশাসন আৰু সম্প্ৰদায়ৰ আস্থাৰ এক শক্তিশালী প্ৰতিফলন।
উল্লেখ্য যে ২০২০ চনত বিজেপিয়ে ৯খন আসন লাভ কৰিছিল যদিও এইবাৰ দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব ব্যাপক প্ৰচাৰ চলাইও মাত্ৰ ৫খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ৪খন আসন হেৰুৱাবলগীয়াহে হ’ল।
সেইদৰে, ইউপিপিএলে ২০২০ চনত ১২ খন আসন লাভ কৰিছিল যদিও এইবাৰ মাত্ৰ ৭খনতে থমকি ৰ’বলগীয়া হয়। তেওঁলোকেও হেৰুৱালে ৫খন আসন।
আনহাতে, ২০২০ চনত বিপিএফে ১৭ খন আসন লাভ কৰিছিল যদিও এইবাৰ দলটোৱে সেইয়া ২৮ খনলৈ বৃদ্ধি কৰিলে। অৰ্থাৎ ১১খন আসন বৃদ্ধি কৰিবলৈ সক্ষম হ’ল। ক’বলৈ গ’লে বিটিআৰত হাগ্ৰামাৰ যাদু চলিল, নচলিল হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰ ডাবল ইঞ্জিনৰ বিকাশ মন্ত্ৰ।
ইপিনে, পূৰ্বতে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো মহিলাৰীৰ নেতৃত্বক বড়োলেণ্ডৰ স্বায়ত্তশাসন সুৰক্ষিত কৰাৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে। তেওঁৰ কাৰ্যকালত দিল্লী আৰু দিছপুৰ উভয়ৰে অযথা হস্তক্ষেপ প্ৰতিহত কৰি সিদ্ধান্ত গ্ৰহণ বহুলাংশে বিটিচিৰ ভিতৰতে হৈছিল।
ইয়াৰ বিপৰীতে ইউ পি পি এলৰ নেতৃত্বত প্ৰশাসনত যোৱা পাঁচ বছৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণ স্পষ্ট আছিল যাৰ বাবে খিলঞ্জীয়া বড়োসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছিল।
ভোটাৰৰ আৱেগক পৰিচালিত কৰা মূল বিষয়সমূহ ৰাজনীতিৰ বাহিৰলৈও বিস্তৃত হৈছিল। কৰ্পৰেট প্ৰকল্পৰ বাবে ভূমি আবণ্টন আৰু বহিৰাগতৰ বেদখলৰ আশংকাই বাসিন্দাসকলৰ মাজত নিৰাপত্তাহীনতাৰ ভাৱৰ সৃষ্টি কৰিছিল। ভূমিপুত্ৰসকলে নিজৰ মাটি আৰু পৰিচয়ৰ সংকট উপলব্ধি কৰিছিল।
ইউপিপিএলে উন্নয়নমূলক প্ৰকল্প আৰু বিজেপিৰ সৈতে মিত্ৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে মহিলাৰী আৰু বিপিএফে ভোটাৰসকলৰ মাজত অধিক গভীৰ সম্পৰ্ক গঢ়ি তোলে।
বিপিএফে মৰ্যাদা, স্বায়ত্তশাসন আৰু বড়োলেণ্ডৰ গৌৰৱ পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতিৰে অভিযান চলাইছিল। সমাৱেশত মহিলাৰীয়ে আত্মবিশ্বাসেৰে ২৫খন আসন জয়ৰ দাবী কৰিছিল, বড়োলেণ্ডৰ ভোটাৰে তেওঁকৈ তাতকৈও অধিক দিলে।
বড়োভূমিৰ এই নিৰ্বাচনৰ ফলাফলে কঢ়িয়াই স্পষ্ট বাৰ্তাটো হ’ল বিপিএফৰ নেতৃত্বত বিটিচি শাসনৰ বাঘজৰী দৃঢ়ভাৱে বড়োৰ হাততে থাকিব।





