NORTHEAST NOW (Assamese)

শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী?

December 1, 2022 8:20 pm · এন ই নাও নিউজ, গুৱাহাটী

ফুটবলৰ কিংবদন্তী পেলেক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ফুটবল সম্ৰাটগৰাকীয়ে সঠিকভাৱে খোৱাবোৱা কৰিব পৰা নাই। হৃদযন্ত্ৰৰ সমস্যাও আছে। শৰীৰটো ফুলি আছে। হঠাতে শাৰীৰিক সমস্যাৰ বাবে পেলেক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

তেওঁ মানসিকভাৱেও অলপ বিভ্ৰান্ত হৈ পৰিছে। যোৱা কেইদিনমানত তেওঁক বাৰে বাৰে চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে। পেলেৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত মঙলবাৰে চাও পাওলোৰ এলবাৰ্ট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ সৈতে আছে  পত্নী মাৰ্চিয়া। কিছু দিনৰ পৰা শৰীৰ ভাল নথকাৰ বাবে তেওঁক কেমোথেৰাপী দিয়া হোৱা নাই ।

লগতে পঢ়ক: দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ

পেলেৰ শৰীৰ ফুলি আছে। তেওঁক এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আন কেইবাটাও পৰীক্ষা চলি আছে। ৮২ বছৰীয়া কিংবদন্তীগৰাকী মলাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত বুলি ধৰা পৰিছিল। ২০২১ৰ ছেপ্টেম্বৰত তেওঁৰ মলাশয়ৰ পৰা টিউমাৰ এটা আঁতৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰা তেওঁ নিয়মীয়া চিকিৎসাৰ বাবে বাৰে বাৰে চিকিৎসালয়লৈ যাব লগা হৈছে।

অৱশ্যে, তেওঁৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰে যে ভয় কৰিবলগীয়া তেনে একো হোৱা নাই। তেওঁৰ কন্যা কেলি নাচিমেণ্টোৱে এটা পোষ্ট কৰিছিল। সেই পোষ্টটোত তেওঁ লিখিছে যে এই মুহূৰ্তত পেলেৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰাৰ কোনো কাৰণ নাই।

লগতে পঢ়ক: ইতিহাস গঢ়াৰ পথত কাটাৰ বিশ্বকাপ! ২২পুৰুষ ফুটবলাৰৰ মেচ পৰিচালনাত ৩ মহিলা ৰেফাৰী

কেলীয়ে লিখিছে, “আজি মোৰ দেউতাৰ স্বাস্থ্য সম্পৰ্কে সংবাদ মাধ্যমত যথেষ্ট আলোচনা হৈছে। তেওঁ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ আহিছে। কোনো ডাঙৰ হোৱা সমস্যা নাই। গতিকে চিন্তা কৰাৰ একো নাই। মই নতুন বছৰৰ বাবে দেউতাৰ সৈতেই থাকিম আৰু তেওঁৰ কিছুমান ফটো পোষ্ট কৰাৰ প্ৰতিশ্ৰুতি দিছো।”

Related News