NORTHEAST NOW (Assamese)

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

July 5, 2026 3:57 pm · এন ই নাও নিউজ, গুৱাহাটী

ড্ৰাগছ সৰবৰাহ প্ৰতিৰোধৰ বাবে চোৰাংচোৱা তথ্যৰ আদান-প্ৰদান আৰু প্ৰতিষ্ঠানিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে অহা ৬ জুনৰ পৰা গুৱাহাটীত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ এখন দুদিনীয়া বৈঠক অনুষ্ঠিত হব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰৰ উদ্যোগত আয়োজন কৰা এই বৈঠকত ব্ৰিকছৰ অন্তৰ্ভুক্ত ১১খন দেশৰ ড্ৰাগছ বিৰোধী সংস্থাৰ মুৰব্বী আৰু জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব বুলি চৰকাৰে এক বিবৃতিত প্ৰকাশ কৰিছে।

গোলকীয় ড্ৰাগছ সৰবৰাহৰ দৃশ্যপটত শেহতীয়াকৈ দেখা দিয়া জটিল প্ৰত্যাহ্বানসমূহৰ পৰিপ্ৰেক্ষিতত এই বৈঠকখনক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে। বৰ্তমান সময়ত কৃত্ৰিম ড্ৰাগছৰ প্ৰসাৰ, নতুন চাইকএক্টিভ দ্ৰব্য, ডাৰ্কনেটৰ জৰিয়তে হোৱা সৰবৰাহ আৰু ক্ৰিপ্টকাৰেন্সীৰ জৰিয়তে হোৱা বিত্তীয় আদান-প্ৰদানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাবুকিৰ সৃষ্টি কৰিছে। চৰকাৰী বিবৃতি অনুসৰি, এনে পৰিস্থিতিত প্ৰতিৰোধমূলক প্ৰযুক্তি, ডাটা এনালাইটিক্স আৰু বিত্তীয় চোৰাংচোৱা ব্যৱস্থাৰ উন্নতিয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি আৰু সমন্বিত প্ৰৱৰ্তন কাৰ্যত বিশেষ সুযোগ প্ৰদান কৰিব।

ভাৰতে এই বৈঠকৰ জৰিয়তে ব্ৰিকছৰ সহযোগিতাক কেৱল আলোচনাৰ মাজতে সীমাবদ্ধ নাৰাখি কাৰ্যকৰী আৰু সুসংগঠিত পদক্ষেপ গ্ৰহণৰ দিশলৈ লৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। গুৱাহাটীত অনুষ্ঠিত হবলগীয়া এই বৈঠকখনত মূলতঃ তিনিটা গুৰুত্বপূৰ্ণ বিষয় ক্ৰমে কৃত্ৰিম ড্ৰাগছ আৰু কেমিকেল ডাইভাৰচন প্ৰতিৰোধ কৰা, চোৰাংচোৱা তথ্যৰ আদান-প্ৰদান আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, লগতে সামৰ্থ্য বিকাশ আৰু প্ৰতিষ্ঠানিক সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত আলোকপাত কৰিব। ড্ৰাগছ আৰু চাইকট্ৰপিক পদাৰ্থৰ অপব্যৱহাৰে জনসাধাৰণৰ স্বাস্থ্য, নিৰাপত্তা আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা নিৰ্ণায়ক পদক্ষেপসমূহ প্ৰদৰ্শন কৰাৰ বাবেও এই বৈঠকত সুযোগ লাভ কৰিব।

দুদিনীয়া এই কাৰ্যসূচীত সদস্য ৰাষ্ট্ৰসমূহে নিজ নিজ দেশৰ ড্ৰাগছ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উপৰিও বৰ্তমানৰ বিশ্বব্যাপী প্ৰত্যাহ্বানৰ ওপৰত আধাৰিত ছটা বিষয়ভিত্তিক সত্ৰত অংশগ্ৰহণ কৰিব। এই সত্ৰসমূহত ৰিয়েল-টাইম ড্ৰাগছ প্ৰতিৰোধৰ বাবে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ, ডাৰ্কনেট ভিত্তিক ড্ৰাগছ সৰবৰাহ ৰোধ, নতুন চাইকএক্টিভ দ্ৰব্য নিয়ন্ত্ৰণ, আৰু বিশ্বব্যাপী যোগান শৃংখল সুৰক্ষিত কৰাৰ দৰে বিষয়সমূহ আলোচনা কৰা হব। ভাৰতে এই মঞ্চৰ জৰিয়তে গোপন পৰীক্ষাগাৰসমূহৰ তথ্য, কৃত্ৰিম ড্ৰাগছৰ নতুন ধাৰা আৰু ঔষধজাত ৰাসায়নিক পদাৰ্থৰ নিৰীক্ষণৰ ক্ষেত্ৰত অন্যান্য ৰাষ্ট্ৰসমূহৰ সৈতে যুটীয়া প্ৰশিক্ষণ আৰু বিশেষজ্ঞৰ বিনিময়ৰ প্ৰস্তাৱ আগবঢ়াব। ব্ৰিকছ গোষ্ঠীত বৰ্তমান ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰশ্বাহীকে ধৰি মুঠ ১১খন দেশ অন্তৰ্ভুক্ত হৈ আছে।

দুদিনীয়া এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ অন্তত অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহে সন্মিলিতভাৱে এখন যুটীয়া ঘোষণাপত্ৰ গ্ৰহণ কৰিব বুলি চৰকাৰী বিবৃতিটোত উল্লেখ কৰিছে। এই ঘোষণাপত্ৰখনে ভৱিষ্যতে ড্ৰাগছ সৰবৰাহৰ দৰে গোলকীয় ভাবুকি নিৰ্মূল কৰাৰ ক্ষেত্ৰত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া আৰু সুসংগঠিত প্ৰচেষ্টাৰ বাবে এক আনুষ্ঠানিক কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Related News