NORTHEAST NOW (Assamese)

গোলাঘাটত চাঞ্চল্য:জ্যেষ্ঠ ভাতৃক হত্যা কৰি পুতি থ’লে কনিষ্ঠ ভাতৃয়ে

November 29, 2021 6:30 pm · মীনাক্ষী ফুকন,গোলাঘাট
Updated: November 29, 2021 6:32 pm

গোলাঘাটৰ দ-চমুৱাত চাঞ্চল্যকৰ ঘটনা।ঘৰুৱা কন্দলৰ পৰিণতিত নিজ জ্যেষ্ঠ ভাতৃক হত্যা কৰি পুতি থ’লে কনিষ্ঠ ভাতৃয়ে।

শনিবাৰে নিশা দুই ভাতৃ ক্ৰমে ৰাজীৱ পুৰ্য আৰু কাবুল পুৰ্যৰ মাজত কিবা কথাকলৈ হৈছিল তীব্ৰ বাক-বিতণ্ডা।

যাৰ পৰিণতিতেই ৰাজীৱ পুৰ্য‌ই জ্যেষ্ঠ ভাতৃ কাবুল পুৰ্যক হত্যা কৰাৰ অভিযোগ উঠিছে। হত্যাকাণ্ড সংঘটিত কৰি ধৃত ৰাজীৱ পুৰ্য‌ই গাঁত খান্দি পুতি থ’লে ককায়েকক।

ঘটনাৰ ওমাই ঘটনাস্থলীত উপস্থিত গোলাঘাটৰ ফৰকাটিং আৰক্ষী।স্থানীয় গাঁওবুঢ়াৰ সহযোগত আৰক্ষীয়ে পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে ৰাজীৱ পুৰ্যক।দণ্ডাধীশৰ উপস্থিতিত সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে ফৰকাটিং আৰক্ষীয়ে।মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Related News