• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা উন্নত, অসমলৈ অনুপ্ৰৱেশকাৰী অহা নাই : BGB সঞ্চালক প্ৰধান

অসমত প্ৰথমবাৰলৈ সম্পন্ন হ’ল BSF-BGB ৰ যুটীয়া আলোচনা; কি কি বিষয়ত হ’ল আলোচনা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 25, 2020 4:01 pm
a bangla
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২২ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত অনুষ্ঠিত হৈছিল ৫১ সংখ্যক ভাৰতৰ সীমা সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমা নিৰাপত্তাৰক্ষীৰ সীমা সম্বন্ধীয় এক আলোচনাক্ৰ। য’ত বহুকেইটা সীমান্ত অঞ্চলত সংঘটিত বহু সমস্যাই স্থান লাভ কৰে।

শুকুৰবাৰে পুৱাৰভাগত আজাৰাস্থিত গুৱাহাটী মাণ্ডলিকৰ সীমা সুৰক্ষা মহা পৰিদৰ্শকৰ কাৰ্য্যালয়ত সাংবাদিকৰে সৈতে মুখা মুখি হয় দুয়োখন দেশৰে সীমা সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান।

Apply Now

উক্ত সংবাদমেলত ভাৰতলৈ কিমান বাংলাদেশী অনুপ্ৰৱেশকাৰী আহিছে তাৰ কিবা তথ্য আছে নেকি বুলি এজন সাংবাদিকে প্ৰশ্ন কৰাত BGB ৰ সঞ্চালক প্ৰধান মহম্ম্দ চাফিনুল ইছলামে বিষয়টো পোনচাটেই নাকচ কৰে।

যিটো সময়ত সীমা চীল নোহোৱাৰ বাবে দিনে নিশাই বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰি থকা বুলি অভিযোগ তুলি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্যান্য জাতীয় দল সংগঠনে আন্দোলন, ধৰ্ণা কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছিল সেই সময়তে সঞ্চালক প্ৰধান ইছলামৰ দাবী ‘অসমলৈ অবৈধভাৱে অনুপ্ৰৱেশকাৰী অহা নাই কিয়নো বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা ক্ৰমাৎ উন্নত হৈ আহিছে।‘

সংবাদমেলত তেওঁ কয় ‘NRC প্ৰক্ৰিয়াটো সম্পূৰ্ণ এটা ভাৰতীয় ইচ্ছু। আমি আমাৰ সীমা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সদায় দায়বদ্ধ। অবৈধ কাম-কাজ অথবা অবৈধভাৱে অনুপ্ৰৱেশ কৰাসকলৰ বিৰুদ্ধে সীমা সুৰক্ষাৰ দায়িত্বত থকাসকলে ব্যৱস্থা গ্ৰহণ কৰিছে।‘

‘আপোনালোকে চালে দেখা পাব বাংলাদেশৰ GDP ২৩০০ ডলাৰ আৰু অৰ্থনৈতিকভাৱে ক্ৰমান্বয়ে সবল হৈ গৈ আছে। গতিকে তেওঁলোকে চাকৰি বিচাৰি বা অন্য কামত ভাৰতত প্ৰৱেশ কেতিয়াও কৰা নাই।‘ ইছলামে এইদৰে কয়।

ইপিনে, বাংলাদেশৰ পৰা অসম তথা ভাৰতৰ অন্য প্ৰান্তলৈ উপযুক্ত নথি-পত্ৰ লৈহে প্ৰৱেশ কৰা বুলি দাবী কৰে ইছলামে।

তেওঁ কয় ‘যদি কোনোবা বাংলাদেশৰ পৰা ভাৰতলৈ আহিছে তেন্তে তেওঁলোকে উপযুক্ত বা যথাযুক্ত নথি-পত্ৰ  লৈহে আহিছে। কিছুসংখ্যকে পাছপোৰ্ট বা ভিছা লৈহে চিকিৎসা কৰাবৰ বাবে ভাৰতলৈ আহিছে।‘

‘মই বুজি পোৱা নাই যে কিয় বাংলাদেশীৰ প্ৰশ্নটো অসমত উত্থাপন হৈ আছে কিয়নো তেওঁলোকৰ হাতত উপযুক্ত নথি-পত্ৰ আছে। কোনোবা মাছ ক্ৰয় কৰিবলৈ আহিছে যদিও তেওঁলোক পুনৰ বাংলাদেশলৈ উভতি গৈছে।

ইপিনে, সাংবাদিকে পুনৰবাৰ তেওঁক অবৈধভাৱে এজনো অনুপ্ৰৱেশকাৰী অসম তথা ভাৰতলৈ অহা নাই নেকি বুলি প্ৰশ্ন কৰাত তেওঁ ‘নাই’ বুলি পোনপটীয়াকৈ উত্তৰ দিয়ে।

আনহাতে, একেখন সংবাদমেলতে বাংলাদেশৰ BGB ৰ সৈতে চোৰাং সৰবৰাহকাৰীৰ সংঘৰ্ষত ২০১৮ চনত ৩ জন, ২০১৯ ত ৩৫ জন, আৰু ২০২০ ৰ ১৮ ডিচেম্বৰলৈকে মুঠ ৪৮ জন চোৰাং সৰবৰাহকাৰীৰ মৃত্যু হৈছে বুলি তেওঁ উল্লেখ কৰে।

ইপিনে, ভাৰতীয় সীমা সুৰক্ষাৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানাই উক্ত সংবাদমেলত কয় ‘আমি নিয়মীয়াকৈ অবৈধভাৱে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰি আছো বা সেইসকলৰ বিৰুদ্ধে সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই আছো। ইয়াৰে অপৰাধ সংঘটিত কৰা বহুসংখ্যক অনুপ্ৰবেশকাৰীক ইতিমধ্যে BSF এ কৰায়ত্ত কৰিছে। যদি অনুপ্ৰৱেশকাৰীসকল কোনো অপৰাধৰ সৈতে জৰিত নহয় তেন্তে সেইসকলক BGB ৰ হাতত গতাই দিয়া হয়। শেহতীয়াকৈ ছেপ্তেম্বৰ মাহত ৬০ গৰাকী বাংলাদেশীক বাংলাদেশ সীমা সুৰক্ষা গাৰ্ডৰ হাতত অৰ্পন কৰা হৈছে।‘

ইয়াৰোপৰি, ২০২০ বৰ্ষৰ ১৫ ডিচেম্বৰলৈকে মুঠ ৩,২০৪ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এইক্ষেত্ৰত স্থানীয় অসম আৰক্ষীয়ে সহায় সহযোগিতা আগবঢ়ায়। তেওঁলোকৰ বেছিসংখ্যকেই অপৰাধী আৰু চোৰাংবেপাৰী। তাৰ ভিতৰত গৰু সৰবৰাহকাৰী বেছি।‘

আনহাতে, তেওঁ জনোৱা অনুসৰি ‘যুটীয়া আলোচনাক্ৰমে হোৱা চুক্তি অনুসৰি সীমা এলেকাত সংঘটিত অপৰাধ অথবা চোৰাং বেপাৰ কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ওপৰত এক বৃহৎ আলোচনা হৈছিল। গৰু চোৰাং ব্যৱসায়, য়াবা টেবলেট, CODEINE BASED কফ চিৰাফ ইত্যাদিৰ চোৰাং সৰবৰাহ কেনেদৰে ৰোধ কৰিব পাৰি তাৰ ওপৰত আলোচনা হৈছিল।‘

চোৰাং ব্যৱসায়ীৰ লগত BSF ৰ সংঘৰ্ষ হওঁতে কিছু সৰবৰাহকাৰীৰ মৃত্যু হয় যদিও কিমান নিহত হৈছে বৰ্তমানলৈকে তাৰ তথ্য নাই বুলি তেওঁ সদৰী কৰে।

ইয়াৰোপৰি, সীমান্তৱৰ্তী অঞ্চলত দিনে-নিশাই তহল দিয়াৰ ব্যৱস্থা আছিল যদিও এতিয়াৰ পৰা নিশাৰ ভাগত বেছিকৈ পহৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

‘কিয়নো নিশাৰ ভাৰত চোৰাং সৰবৰাহ বা অপৰাধজনিত কামবোৰ বেছিকৈ সংঘটিত হয়। ক’ অৰডিনেটেড বৰ্ডাৰ পে্ট্ৰ’লিঙৰ ব্যৱস্থা কৰা হৈছে।‘ তেওঁ লগতে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd