বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা উন্নত, অসমলৈ অনুপ্ৰৱেশকাৰী অহা নাই : BGB সঞ্চালক প্ৰধান

অসমত প্ৰথমবাৰলৈ সম্পন্ন হ’ল BSF-BGB ৰ যুটীয়া আলোচনা; কি কি বিষয়ত হ’ল আলোচনা?

a bangla

যোৱা ২২ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত অনুষ্ঠিত হৈছিল ৫১ সংখ্যক ভাৰতৰ সীমা সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমা নিৰাপত্তাৰক্ষীৰ সীমা সম্বন্ধীয় এক আলোচনাক্ৰ। য’ত বহুকেইটা সীমান্ত অঞ্চলত সংঘটিত বহু সমস্যাই স্থান লাভ কৰে।

শুকুৰবাৰে পুৱাৰভাগত আজাৰাস্থিত গুৱাহাটী মাণ্ডলিকৰ সীমা সুৰক্ষা মহা পৰিদৰ্শকৰ কাৰ্য্যালয়ত সাংবাদিকৰে সৈতে মুখা মুখি হয় দুয়োখন দেশৰে সীমা সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান।

উক্ত সংবাদমেলত ভাৰতলৈ কিমান বাংলাদেশী অনুপ্ৰৱেশকাৰী আহিছে তাৰ কিবা তথ্য আছে নেকি বুলি এজন সাংবাদিকে প্ৰশ্ন কৰাত BGB ৰ সঞ্চালক প্ৰধান মহম্ম্দ চাফিনুল ইছলামে বিষয়টো পোনচাটেই নাকচ কৰে।

যিটো সময়ত সীমা চীল নোহোৱাৰ বাবে দিনে নিশাই বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰি থকা বুলি অভিযোগ তুলি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্যান্য জাতীয় দল সংগঠনে আন্দোলন, ধৰ্ণা কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছিল সেই সময়তে সঞ্চালক প্ৰধান ইছলামৰ দাবী ‘অসমলৈ অবৈধভাৱে অনুপ্ৰৱেশকাৰী অহা নাই কিয়নো বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা ক্ৰমাৎ উন্নত হৈ আহিছে।‘

সংবাদমেলত তেওঁ কয় ‘NRC প্ৰক্ৰিয়াটো সম্পূৰ্ণ এটা ভাৰতীয় ইচ্ছু। আমি আমাৰ সীমা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সদায় দায়বদ্ধ। অবৈধ কাম-কাজ অথবা অবৈধভাৱে অনুপ্ৰৱেশ কৰাসকলৰ বিৰুদ্ধে সীমা সুৰক্ষাৰ দায়িত্বত থকাসকলে ব্যৱস্থা গ্ৰহণ কৰিছে।‘

‘আপোনালোকে চালে দেখা পাব বাংলাদেশৰ GDP ২৩০০ ডলাৰ আৰু অৰ্থনৈতিকভাৱে ক্ৰমান্বয়ে সবল হৈ গৈ আছে। গতিকে তেওঁলোকে চাকৰি বিচাৰি বা অন্য কামত ভাৰতত প্ৰৱেশ কেতিয়াও কৰা নাই।‘ ইছলামে এইদৰে কয়।

ইপিনে, বাংলাদেশৰ পৰা অসম তথা ভাৰতৰ অন্য প্ৰান্তলৈ উপযুক্ত নথি-পত্ৰ লৈহে প্ৰৱেশ কৰা বুলি দাবী কৰে ইছলামে।

তেওঁ কয় ‘যদি কোনোবা বাংলাদেশৰ পৰা ভাৰতলৈ আহিছে তেন্তে তেওঁলোকে উপযুক্ত বা যথাযুক্ত নথি-পত্ৰ  লৈহে আহিছে। কিছুসংখ্যকে পাছপোৰ্ট বা ভিছা লৈহে চিকিৎসা কৰাবৰ বাবে ভাৰতলৈ আহিছে।‘

‘মই বুজি পোৱা নাই যে কিয় বাংলাদেশীৰ প্ৰশ্নটো অসমত উত্থাপন হৈ আছে কিয়নো তেওঁলোকৰ হাতত উপযুক্ত নথি-পত্ৰ আছে। কোনোবা মাছ ক্ৰয় কৰিবলৈ আহিছে যদিও তেওঁলোক পুনৰ বাংলাদেশলৈ উভতি গৈছে।

ইপিনে, সাংবাদিকে পুনৰবাৰ তেওঁক অবৈধভাৱে এজনো অনুপ্ৰৱেশকাৰী অসম তথা ভাৰতলৈ অহা নাই নেকি বুলি প্ৰশ্ন কৰাত তেওঁ ‘নাই’ বুলি পোনপটীয়াকৈ উত্তৰ দিয়ে।

আনহাতে, একেখন সংবাদমেলতে বাংলাদেশৰ BGB ৰ সৈতে চোৰাং সৰবৰাহকাৰীৰ সংঘৰ্ষত ২০১৮ চনত ৩ জন, ২০১৯ ত ৩৫ জন, আৰু ২০২০ ৰ ১৮ ডিচেম্বৰলৈকে মুঠ ৪৮ জন চোৰাং সৰবৰাহকাৰীৰ মৃত্যু হৈছে বুলি তেওঁ উল্লেখ কৰে।

ইপিনে, ভাৰতীয় সীমা সুৰক্ষাৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানাই উক্ত সংবাদমেলত কয় ‘আমি নিয়মীয়াকৈ অবৈধভাৱে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰি আছো বা সেইসকলৰ বিৰুদ্ধে সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই আছো। ইয়াৰে অপৰাধ সংঘটিত কৰা বহুসংখ্যক অনুপ্ৰবেশকাৰীক ইতিমধ্যে BSF এ কৰায়ত্ত কৰিছে। যদি অনুপ্ৰৱেশকাৰীসকল কোনো অপৰাধৰ সৈতে জৰিত নহয় তেন্তে সেইসকলক BGB ৰ হাতত গতাই দিয়া হয়। শেহতীয়াকৈ ছেপ্তেম্বৰ মাহত ৬০ গৰাকী বাংলাদেশীক বাংলাদেশ সীমা সুৰক্ষা গাৰ্ডৰ হাতত অৰ্পন কৰা হৈছে।‘

ইয়াৰোপৰি, ২০২০ বৰ্ষৰ ১৫ ডিচেম্বৰলৈকে মুঠ ৩,২০৪ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এইক্ষেত্ৰত স্থানীয় অসম আৰক্ষীয়ে সহায় সহযোগিতা আগবঢ়ায়। তেওঁলোকৰ বেছিসংখ্যকেই অপৰাধী আৰু চোৰাংবেপাৰী। তাৰ ভিতৰত গৰু সৰবৰাহকাৰী বেছি।‘

আনহাতে, তেওঁ জনোৱা অনুসৰি ‘যুটীয়া আলোচনাক্ৰমে হোৱা চুক্তি অনুসৰি সীমা এলেকাত সংঘটিত অপৰাধ অথবা চোৰাং বেপাৰ কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ওপৰত এক বৃহৎ আলোচনা হৈছিল। গৰু চোৰাং ব্যৱসায়, য়াবা টেবলেট, CODEINE BASED কফ চিৰাফ ইত্যাদিৰ চোৰাং সৰবৰাহ কেনেদৰে ৰোধ কৰিব পাৰি তাৰ ওপৰত আলোচনা হৈছিল।‘

চোৰাং ব্যৱসায়ীৰ লগত BSF ৰ সংঘৰ্ষ হওঁতে কিছু সৰবৰাহকাৰীৰ মৃত্যু হয় যদিও কিমান নিহত হৈছে বৰ্তমানলৈকে তাৰ তথ্য নাই বুলি তেওঁ সদৰী কৰে।

ইয়াৰোপৰি, সীমান্তৱৰ্তী অঞ্চলত দিনে-নিশাই তহল দিয়াৰ ব্যৱস্থা আছিল যদিও এতিয়াৰ পৰা নিশাৰ ভাগত বেছিকৈ পহৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

‘কিয়নো নিশাৰ ভাৰত চোৰাং সৰবৰাহ বা অপৰাধজনিত কামবোৰ বেছিকৈ সংঘটিত হয়। ক’ অৰডিনেটেড বৰ্ডাৰ পে্ট্ৰ’লিঙৰ ব্যৱস্থা কৰা হৈছে।‘ তেওঁ লগতে কয়।