• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী বিটিচি চীফ প্ৰমোদ বড়োৰ

চাজিদ খান চাজিদ খান
ওদালগুৰি , December 27, 2020 2:11 pm

2 min read

Pramod Bodo-Amit Shah

বিটিচি চীফ প্ৰমোদ বড়োৱে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক স্মাৰক পত্ৰ প্ৰদান কৰে।

160
VIEWS
Share on FacebookShare on Twitter

বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শনিবাৰে তৃতীয়খন বড়ো শান্তি চুক্তিৰ অন্যতম মুখ্য স্বাক্ষৰকাৰী হিচাপে  এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী কৰে।

প্ৰমোদ বড়োৱে লগতে এনডিএফবিৰ সদস্যসকলকো মুকলি কৰি দিয়াৰ বাবে দাবী জনায়।

চলিত বছৰৰ ২৭ জানুৱাৰিত নতুন দিল্লীত বড়ো জাতীয় সংগঠনসমূহ আৰু কেন্দ্ৰৰ মাজত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল।

প্ৰমোদ বড়োৱে শনিবাৰে অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এখন স্মাৰক পত্ৰ দাখিল কৰে।

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ কৰে যে অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত তৃতীয় বড়ো শান্তি চুক্তিয়ে আশাৰ ৰেঙণি দেখুৱাইছে আৰু বড়োভূমিত বিকাশৰ বাবে দিক নিৰ্ণয় কৰি এক স্থায়ী শান্তি-সম্প্ৰীতিৰ যুগৰ সূচনা কৰিছে।

তেওঁ লগতে উল্লেখ কৰে যে শান্তি চুক্তিয়ে এক পৰিৱেশৰ সৃষ্টি কৰিছে য’ত উগ্ৰবাদী সকলো নেতাই মুলসুঁতিত যোগদান কৰিব পাৰে।

বড়োৱে কয় যে চুক্তিখনৰ ব্যৱস্থা অনুসৰিয়েই ৰঞ্জন দৈমাৰী আৰু তেওঁৰ সতীৰ্থসকলৰ মুক্তি এক প্ৰাসংগিক বিষয়।

বিপিএফ, বিএছইউকে ধৰি কেইবাটাও বড়ো সংগঠনেও দৈমাৰীৰ নি:শ্চৰ্ত মুক্তি দাবী কৰিছে।

বিএছইউৰ সভাপতি সৌগমছাৰ বসুমতাৰীয়ে কৈছিল,’’ চুক্তিখনৰ অন্যতম মুখ্য স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক জনসাধাৰণৰ বাবে কাম কৰিবলৈ আৰু চুক্তিখনৰ দফাসমূহ ৰূপায়ন নিৰীক্ষণ কৰিবলৈ জামিন দিবই লাগিব।‘’

২০০৮চনত অসমত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ বাবে এখন বিশেষ আদালতে দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

তেওঁক কেন্দ্ৰৰ সৈতে নতুন দিল্লীত বড়ো শান্তি আলোচনাত অংশগ্ৰহণ কৰিবলৈ এসপ্তাহৰ বাবে অন্তৰ্বৰ্তীকালীন জামিন দিয়া হৈছিল। পাছত তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd