এটা মাত্ৰ শব্দ আৰু সেই শব্দটোৱে ভাষণৰতঃ অৱস্থাত বিপদ মাতি আনিলে বিটিছিৰ নতুন প্ৰধান প্ৰমোদ বড়োক। সেই শব্দটো হৈছে ‘আৰু’। কিয়নো প্ৰমোদ বড়োৱে দাবী কৰা মতে সেই শব্দটো ব্যৱহাৰ নকৰাৰ বাবেই তেওঁ ভাষণৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি কৈ পেলালে বড়োৱে।
কোকৰাঝাৰত আজি অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানৰ পাছতেই সম্বোধন কৰা সংবাদমেলত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনিচ্ছাকৃত ভুলৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে।
তেওঁ কয় ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য-শিক্ষামন্ত্ৰী শব্দ দুটা কওঁতে মাজত ‘আৰু’ শব্দটো ৰৈ গ’ল। সেইবাবেই সকলোৱে ছ’চিয়েল মেডিয়াত বহু কথা কৈ আছে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনালো বুলি কৈছে কিন্তু তেনে কোনো কথা নাই। মাজত মাথো আৰুটো ৰৈ গৈছে তাৰ বাবে ক্ষমা বিচাৰিছো।‘
ইপিনে, ভৱিষ্যতে ভাষণ দিওঁতে ‘আৰু’ শব্দটোৰ ওপৰত অধিক গুৰুত্ব দিব বুলি দাবী কৰি তেওঁ লগতে কয় ‘কেৱল ‘আৰু’ শব্দটোৰ বাবেই এই অঘটন হ’ল। মই কোনো উদ্দেশ্যপ্ৰণোদিত ভাৱে কোৱা নাছিলো। ভৱিষ্যতে যিয়ে যি পদবীত থাকে সেই সন্মান দিম।‘
ইয়াৰোপৰি এই ভুলৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য-শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংবাদিকসকলক বেয়া নাপাবৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনায়।
আনহাতে, ভাষণ দিবলৈ সময় কম থকাৰ বাবেই তেওঁৰ ‘আৰু’ শব্দটো ৰৈ যোৱা বুলি তেওঁ দাবী কৰে।
উল্লেখ কৰিব লাগিব যে, আজি কোকৰাঝাৰত অনুষ্ঠিত বিটিচিৰ নতুন পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে প্ৰমোদ বড়োৱে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি কৈছিল—‘আমি আশা ৰাখিছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ উগ্ৰপন্থী সমস্যাৰ সমাধান কৰিব পাৰিব’।
য’ত নেকি মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ নামটো নলৈ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰিছিল প্ৰমোদ বড়োৱে।
প্ৰমোদ বড়োৰ এনে মন্তব্যত স্বাভাৱিকতে অস্বত্বিত পৰিছিল শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
প্ৰমোদ বড়োই ভুলবশতঃ এনেদৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বুলি ক’লে যদিও এই কথাই কেতবোৰ বিশেষ দিশৰ ইংগিত দিয়া বুলি বু বু বা বা চলিছে বিভিন্ন মহলত।
মংগলবাৰে(আজি) কোকৰাঝাৰ বডোফা নগৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নতুন বিটিচি মুখ্য কাৰ্যাবাহী সদস্য প্ৰমোদ বড়োৰ লগতে উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়েও শপত গ্ৰহণ কৰে।
উল্লেখ্য যে ৪০ খন আসনবিশিষ্ট এইবাৰৰ বিটিচি নিৰ্বাচনত বিপিএফে সৰ্বাধিক ১৭ খন আসন লাভ কৰিলেও ১২ আসন লাভ কৰা য়ুপিপিএল ৯ খন আসন লাভ বিজেপি আৰু ১ খন আসন লাভ কৰা গণ সুৰক্ষা পাৰ্টিৰ সৈতে সন্মিলিতভাৱে বিটিচিৰ নতুন পৰিষদখন গঠন কৰে।