শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰে চলিত বৰ্ষৰ সম্পূৰ্ণ বাজেট। বাজেটত কেইবাটাও যুগান্তকাৰী আঁচনিৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
নিৰ্মলা সীতাৰমণে দাবী কৰে যে এই বাজেটে দৰিদ্ৰ আৰু মধ্যবিত্তীয় লোকক যথেষ্ট সকাহ প্ৰদান কৰিব।
সীতাৰমণে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু কৃষকৰ বাবেও ঋণৰ কথা ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালকৈ কেইবাটাও সামগ্ৰীৰ ওপৰত কৰ ৰেহাইৰ কথাও ঘোষণা কৰে। যাৰ বাবে একাধিক সামগ্ৰীৰ দাম কমিব বুলি ধাৰণা কৰা হৈছে।
ঔষধৰ ওপৰত কৰ ৰেহাই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে। এই বাজেট অনুসৰি, কেন্সাৰকে ধৰি কেইবাটাও মাৰাত্মক ৰোগৰ ঔষধৰ দাম হ্ৰাস হ’ব। বিত্তমন্ত্ৰীয়ে ৩৬ টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত সম্পূৰ্ণ শুল্ক ৰেহাই ঘোষণা কৰিছে। ইয়াৰ উপৰিও ৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ শুল্ক ৫ শতাংশ হ্ৰাস কৰা হৈছে। ফলত ৰোগীয়ে সকাহ পাব।
আমি দৈনিক ব্যৱহাৰ কৰা বহু বস্তুৰ দামো কমাৰ সম্ভাৱনা আছে। ইলেক্ট্ৰনিক সামগ্ৰীৰ ওপৰতো কৰ হ্ৰাস কৰা হৈছে। ফলত এল ই ডি আৰু এল চি ডি টিভি সস্তা হ’ব।
মোবাইল ফোন কম্পোনেণ্টৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ ফলত মোবাইল ফোনৰ মূল্যও হ্ৰাস পাব।
ইলেক্ট্ৰনিক বেটাৰীৰ শুল্ক হ্ৰাস কৰাৰ ফলত ইলেক্ট্ৰিক গাড়ী আগতকৈ সস্তা হ’ব।
সীহ আৰু জিংকৰ ওপৰত প্ৰাৰম্ভিক শুল্ক প্ৰত্যাহাৰ কৰা হৈছে। ফলত বেটাৰীৰ মূল্য হ্ৰাস পাব।
লগতে চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ সঁজুলিৰ দামো হ্ৰাস পাব।
সীতাৰমণে চামৰাৰ সামগ্ৰীৰ ওপৰত শুল্ক প্ৰত্যাহাৰ কৰিছে। যাৰ ফলত এইবাৰ জোতা, বেল্ট, বেগ আদি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী সস্তা হ’ব। ঘৰুৱা সাজ-পোছাকো সস্তা হ’ব।
সাগৰীয় মাছকে ধৰি কেইবাটাও সাগৰীয় খাদ্যৰ দামও হ্ৰাস পাব। উল্লেখ্য বাজেট অনুসৰি টিভি আৰু মোবাইল স্ক্ৰীণৰ দাম বৃদ্ধি পাব পাৰে। বিশ্লেষকসকলে অনুমান কৰিছে যে অনাগত দিনত কৰ্মচাৰীৰ হাতত থকা নগদ ধনৰ পৰিমাণে ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব। সেয়ে চাহিদা পূৰণৰ বাবে বজাৰত বস্তুৰ দাম বাঢ়িবও পাৰে।