NORTHEAST NOW (Assamese)

হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল : বুঢ়া আৰক্ষী চকী কাণ্ডক “লাভ জেহাদ”ৰ ৰূপ দিয়াৰ চেষ্টা

September 20, 2019 5:12 pm · কল্পজ্যোতি শইকীয়া
Updated: September 20, 2019 5:36 pm

বুঢ়া আৰক্ষী চকীৰ দুৰ্ভাগ্যজনক ঘটনাটোক কেন্দ্ৰ কৰি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিবোৰক ৰহস্যজনক আখ্যা দি অভিযুক্ত আৰক্ষী বিষয়াজনৰ পক্ষত থিয় দিছে হিন্দু জাগৰণ মঞ্চ, অসম নামৰ সংগঠনটোৱে।

সংগঠনটোৱে আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি নিলম্বিত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি দাবী কৰে।

অভিযুক্ত আৰক্ষী বিষয়াজনৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰি সংগঠনটোৱে কয়, “অসম চৰকাৰে কোনো তদন্ত নকৰাকৈ নিলম্বন কৰাটো উচিত নহ’ল। নিৰপেক্ষভাৱে তদন্ত কৰিব লাগে। তেওঁৰ নিলম্বন উঠাই ল’ব লাগে”, সংবাদমেলত সংগঠনটোৰ সভাপতি মৃণাল কুমাৰ লস্কৰে কয়।

অসমলৈ “লাভ জেহাদ” নামৰ এটা ধাৰণাৰ আমদানি কৰা আন আন হিন্দুত্ববাদী সংগঠনবোৰৰ দৰে হিন্দু জাগৰণ মঞ্চয়ো ঘটনাটোক লাভ জেহাদৰ ঘটনা আখ্যা দিয়ে।

মূল অভিযুক্ত ৰুহুল আলীৰ সৈতে পলাই যোৱা ছোৱালীগৰাকীয়ে আলীৰ বিৰুদ্ধে মিছা পৰিচয়েৰে প্ৰেমত বন্দী কৰাৰ কথা নোকোৱা সত্ত্বেও হিন্দুত্ববাদী সংগঠনটোৱে সংবাদমেলত নিজাকৈ তেনে দাবী কৰে।

সভাপতি মৃণাল কুমাৰ লস্কৰে কয়, “ইছলামিকসকলে লাভ জেহাদ কৰিব বিচাৰিছে। অসমত এতিয়া বহু লাভ জেহাদ হৈছে। দৰঙৰ যি পৰিকল্পিত ঘটনা হ’ল আমি তাক লাভ জেহাদ বুলি কৈছোঁ। অসমৰ হিন্দু ছোৱালীসকলৰ লগত হিন্দুৰ নাম লৈ চিনাকি হৈ পিছত অপহৰণ পৰ্যন্ত হৈছে। দৰং ৰ ঘটনাও ঠিক সেইটোৱেই হৈছিল”।

মহেন্দ্ৰ শৰ্মাই ছোৱালীগৰাকীক লাভ জেহাদৰ পৰা উদ্ধাৰ কৰিছিল বুলি দাবী সভাপতি লস্কৰৰ। পূৰ্বেও মহেন্দ্ৰ শৰ্মাই তিনিগৰাকী যুৱতীক লাভ জেহাদৰ পৰা উদ্ধাৰ কৰিছিল বুলি দাবী কৰে যদিও তাৰ তথ্য দিবলৈ অপাৰগ হয় সংগঠনটো।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ছোৱালীগৰাকীৰ ৰুহুল আলীৰ সৈতে বিভিন্ন অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈছে।

ছোৱালীগৰাকীৰ গাঁৱৰ একাংশ লোকৰ মতে, ছোৱালীগৰাকীৰ ঘৰৰ পৰা ৰুহুল আলীৰ ঘৰ বেছি দূৰত্বত নহয় আৰু তেওঁলোকৰ মাজত দীৰ্ঘ দিনীয়া প্ৰেমৰ সম্পৰ্কৰ বিষয়ে তেওঁলোক অৱগত।

Related News