সময়ৰ আচোৰে মানুহৰ ধুনীয়া শৰীৰটোক আচুৰি যায়।
ফলত স্বাস্থ্যৱান লোক এজনো সময়ত বুঢ়া হৈ পৰে। দেহৰ অংগ বোৰ লাহে লাহে দুৰ্বল আৰু অকামিলা হৈ পৰিবলৈ ধৰে।
এনেদৰেই এদিন এই পৃথিৱীৰ মায়া কৰি মানুহ এজনে মৃত্যুক সাৱটি অজান দেশলৈ গুচি যায়।
বৃদ্ধাৱস্থা, মৃত্যু আদি প্ৰাকৃতিক পৰিঘটনা। এয়া সলনি কৰাৰ সাধ্য কাৰো নাই। কিন্তু তেনে অসাধ্য কামকে কৰি দেখুৱাবলৈ ওলাইছে দুগৰাকী জেনেটিক বিজ্ঞানীয়ে।
মানুহৰ বৃদ্ধাৱস্থা আৰু মৃত্যুক জেনেটিক পদ্ধতিৰে দূৰতে বিদূৰ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে এই দুই বিজ্ঞানীয়ে।
প্ৰকৃতিৰ চিৰন্তন সত্যক প্ৰত্যাহ্বান জনাবলৈ সাজু হোৱা এই দুই জেনেটিক বিজ্ঞানী হৈছে ভেনিজুৱেলাৰ জোছ লুই কৰডেইৰ’ আৰু কেম্ব্ৰিজৰ অংকশাস্ত্ৰবিদ ডেভিড উড। ডেভিড উড বিখ্যাত তেওঁৰ ছিম্বিয়ান নামৰ পদ্ধতিৰ বাবে।
দুই বিজ্ঞানীয়ে দাবী কৰা অনুসৰি ২০৪৫ চনৰ পিছত মানুহৰ মৃত্যু কেৱল দুৰ্ঘটনা জনিত কাৰণতহে হ’ব।
বৃদ্ধাৱস্থাৰ বাবে মানুহে সেই সময়ৰ পৰা মৃত্যুক সাৱটি ল’বলগীয়া নহ’ব।
কাৰণ জেনেটিক পদ্ধতিৰে সেই সময়লৈ মানুহৰ বৃদ্ধাৱস্থাক ৰখাই দিব পৰা যাব।
বিশেষ পদ্ধতিৰে দেহৰ বেয়া জিন তথা মৃত কোষ সমূহ আঁতৰাই তাৰ ঠাইত নতুন সক্ৰিয় জিন স্থাপন কৰিব পৰা যাব।
দেহৰ telomeres বোৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবেহে মানুহ বুঢ়া হয় বুলি উল্লেখ কৰি বিজ্ঞানী দুগৰাকীয়ে কৈছে যে বিভিন্ন বিষাক্ত খাদ্য, প্ৰদূষণ, ধূমপান,সুৰাপান আদিয়ে telomeres ৰ ক্ষতি সাধন কৰে।ফলত মানুহ বুঢ়া হ’বলৈ আৰম্ভ কৰে।
কিন্তু জেনেটিক ভাবে ইয়াৰ মেৰামতি কৰিব পৰা যাব। তেওঁলোকৰ মতে অহা ১০ বছৰৰ ভিতৰত কৰ্কট ৰোগো সম্পূৰ্ণ নিৰ্মূল কৰিব পৰা যাব।
বিজ্ঞানী দুগৰাকীয়ে কৰি থকা গৱেষণা যদি সঁচাকৈয়ে সফল হয় তেন্তে মানৱ জাতি সমস্যাৰো সন্মুখীন হ’ব।
কিয়নো মৃত্যুৰ ঘটনা কমি যোৱাৰ ফলত বিশ্বত মানুহে ভৰি ৰাখিবলৈয়ো ঠাই নোহোৱা হৈ পৰিব।