কা-ক লৈ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ, চোকা জৱাব বিদেশ মন্ত্ৰ্যালয়ৰ

supreme-court_of_India-570x320-750x375

ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰে নাগৰিকত্ব সংশোধন আইন, ২০১৯ সন্দৰ্ভত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আদালতখনত আৱেদন কৰিছে।

বিপৰীতে, ভাৰতীয় সংসদে পাছ কৰা আইন এখন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে কৰা হস্তক্ষেপক সমালোচনা কৰিছে দেশৰ বিদেশ মন্ত্ৰ্যালয়ে।

মানৱ অধিকাৰ সংস্থাটোৰ আয়ুক্ত মিচেল বেচলেট জেৰিয়াই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৪৮/১৪১ সিদ্ধান্তৰ অধীনত এই হস্তক্ষেপৰ আৱেদন কৰিছে।

কিন্তু সাৰ্বভৌম ভাৰতীয় সংসদে পাছ কৰা আইনখনৰ বিষয়টো ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি সংস্থাটোক মন্ত্ৰ্যালয়ে চোকা প্ৰত্যুত্তৰ দিছে।

“আমি সজোৰে বিশ্বাস কৰো যে ভাৰতৰ সাৰ্বভৌমত্বৰে সম্পৰ্কিত বিষয়টোত কোনো বিদেশী পক্ষৰ আদালতত থিয় হোৱাৰ অধিকাৰ নাই,” বিদেশ মন্ত্ৰ্যালয়ৰ বিবৃতিত প্ৰকাশ।

মন্ত্ৰ্যালয়ে আইনখনক সাংবিধানিকভাৱে বৈধ বুলি উল্লেখ কৰি কয় যে ভাৰত বিভাজনৰ ট্ৰাজিডিৰ পৰা উদ্ভৱ হোৱা মানৱ অধিকাৰজনিত বিষয়ক প্ৰতি এই আইন ভাৰতৰ দীৰ্ঘদিনৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি।

মন্ত্ৰ্যালয়ে লগতে কয় যে ভাৰত এখন আইন মতে চলা গণতান্ত্ৰিক দেশ আৰু আমাৰ স্বতন্ত্ৰ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে।

ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰে ইয়াৰ পূৰ্বেও আইনখনক মৌলিকভাৱে বৈষম্যমূলক বুলি অভিহিত কৰিছিল। কিন্তু দুৰ্ভগীয়া শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াটোক মানৱীয় পদক্ষেপ বুলি প্ৰশংসা কৰিছিল।