NORTHEAST NOW (Assamese)

“কোভিড পৰিস্থিতিৰ বাবেই মেট্ৰিক আৰু HS পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়” কেবিনেটৰ পৰামৰ্শ

June 16, 2021 3:56 pm · জাহ্নৱী বৰুৱা
Updated: June 16, 2021 4:07 pm

কোভিড মহামাৰীৰ বাবে দেশ তথা ৰাজ্যৰ বাবে ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱা দেখা পোৱা গৈছে। এই ভয়াৱহ পৰিস্থিতিৰ মাজতেই ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।

 

আজি কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি সংবাদমেল যোগে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে “কোভিড পৰিস্থিতিৰ বাবেই মেট্ৰিক আৰু HS পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়। সাধাৰণ যি পৰীক্ষাৰ মডেলিটি বা গতানুগতিক ভাবে পূৰ্বৰে পৰা চলি অহা পৰীক্ষাৰ সন্দৰ্ভত যি ব্যৱস্থা লোৱা হয় সেই ব্যৱস্থা অনুযায়ী এই কোভিড সৃষ্ট পৰিস্থিতিৰ মাজত তেনেকৈ পৰীক্ষা পতাটো সম্ভৱ নহয় বুলি কেবিনেটে পৰামৰ্শ দিছে।”

 

আনহাতে কেবিনেটত নতুনকৈ পূৰ্বৰ ১ টা ফৰেণ্সিক লেবৰেটৰীৰ বাহিৰে ৪টা নতুন ফৰেণ্সিক লেবৰেটৰী নিৰ্মাণ কৰা হ’ব বুলি পিয়ুষ হাজৰিকাই উল্লেখ কৰে।

 

লেবৰেটৰী কেইটা শিলচৰ,ডিব্ৰুগড় মেডিকেল কলেজ,তেজপুৰ মেডিকেল কলেজ আৰু বঙাইগাঁও চিভিল হস্পিতালত স্থাপন কৰা হ’ব।

খাদ্য যোগানৰ চাউল FCI পৰা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। Supplimentary nutrition programme আঁচনিৰ জৰিয়তে FCI পৰা চাউল পালে বহু পুঁজি ৰাহি হ’ব বুলি উল্লেখ কৰে অজন্তা নেওগে। উল্লেখ্য ক’ৰ’নাতংকৰ বাবে সময় অনুসৰি অনুষ্ঠিত নোহোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পৰিস্থিতি উন্নত হ’লেই চাৰিটা বিষয়ৰে হ’লেও অনুষ্ঠিত কৰা হ’ব বুলি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰি আহিছে।

 

উল্লেখ্য মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে অসমৰ একাংশ ছাত্ৰই।

 

দিল্লীত অসমৰ ছাত্ৰসকলৰ ন্যায়িক যুদ্ধত সহায় কৰি থকা অধিবক্তা অভিষেক চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক নিৰ্দেশ দিবলৈ আহ্বান জনাই অসমৰ ছাত্ৰসকলে অধিবক্তা মঞ্জু জেটলীৰ জৰিয়তে আদালতত আবেদন জনাইছে।

Related News