প্ৰথম পৰ্যায়ৰ প্ৰচাৰ শেষ; সাতটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ শুকুৰবাৰে ১০২টা সমষ্টিত হ’ব ভোটগ্ৰহণ

ভোটগ্ৰহণৰ বাবে সাজু নিৰ্বাচনী বিষয়াসকল। ফটোঃ সংগ্ৰহীত।

বুধবাৰে সন্ধিয়া ৭ বজাত প্ৰচাৰ অভিযান শেষ হোৱাৰ লগে লগে আৰম্ভ হ’ল অপেক্ষা। ৩৬ ঘণ্টাৰ পিছত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ পৰীক্ষা আৰম্ভ কৰিব। অষ্টাদশ লোকসভাৰ সাতটা পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্যায়ৰ প্ৰথম পৰ্যায়ত শুকুৰবাৰে ১৭খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

২০২৪ চনৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনত অসমৰ পাঁচটা সংসদীয় সমষ্টি- কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত ৩৫ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, বিজেপি সাংসদ তপন গগৈ আৰু প্ৰদান বৰুৱা।

প্ৰথম পৰ্যায়ৰ তালিকাত পশ্চিম বংগৰ কোচবিহাৰ, আলিপুৰদুৱাৰ আৰু জলপাইগুৰি সমষ্টিও আছে। লোকসভাৰ উপৰি অৰুণাচল প্ৰদেশৰ আটাইকেইটা বিধানসভা সমষ্টি আৰু ছিকিমৰ ৩২টা বিধানসভা সমষ্টিতো এই পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব।

লগতে পঢ়কঃ IPL 2024: দিল্লীৰ সন্মুখত অসহায় আত্মসমৰ্পণ গুজৰাটৰ! আহমেদাবাদত টাইটানছৰ বিৰুদ্ধে সহজ জয় কেপিটেলছৰ

শুকুৰবাৰে প্ৰথম পৰ্যায়ত অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, আন্দামান আৰু নিকোবৰ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীত এখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উল্লেখ্য যে  মণিপুৰত দুটা লোকসভা সমষ্টি আছে। ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ। কিন্তু নিৰ্বাচন আয়োগে আউটাৰ মণিপুৰক দুটা ভাগত বিভক্ত কৰি দুটা পৰ্যায়ত ভোটগ্ৰহণৰ সিদ্ধান্ত লৈছে। শুকুৰবাৰে আউটাৰ মণিপুৰৰ চুৰাচান্দপুৰ আৰু চাণ্ডেল জিলাৰ ১৫টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বাকী ১৩টাত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰিও বিহাৰৰ চাৰিটা, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ ছটা সমষ্টি, উত্তৰ প্ৰদেশৰ ৮টা আৰু ৰাজস্থানৰ ১২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত সৰ্বাধিক ভোটগ্ৰহণ হৈছে তামিলনাডু। এই দক্ষিণ ভাৰতৰ ৰাজ্যৰ ৩৯টা লোকসভা সমষ্টিৰ আটাইকেইখনেই প্ৰথম পৰ্যায়ত নিৰ্বাচনলৈ যাব। 

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ড প্ৰস্তুতৰ বাবে কৰদাতাৰ ১৪ কোটি খৰচ কৰিলে মোদী চৰকাৰে; RTIত ফাদিল তথ্য

মণিপুৰৰ উপৰি নিৰ্বাচনৰ দিনটোত হিংসাত্মক পৰিস্থিতিৰ আশংকাৰ বাবে নিৰ্বাচন আয়োগে ছত্তীশগড়ৰ মাওবাদী অধ্যুষিত অঞ্চলসমূহত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে।